দিল্লীৰ (Delhi) IGI বিমানবন্দৰত (IGI Airport) এগৰাকী মহিলাৰ পেটৰ পৰা প্ৰায় ১৪ কোটি টকাৰ কোকেইন (Cocaine) জব্দ কৰিছে। তেওঁৰ পেটৰ পৰা ৯১টা কেপচুল উদ্ধাৰ কৰা হৈছে।
খোজকঢ়াৰ ধৰণ চাই পৰিল ধৰা
বাতৰি অনুসৰি, য়ুগাণ্ডাৰ (Uganda) এগৰাকী মহিলা IGI বিমানবন্দৰত উপস্থিত হৈছিল। শুল্ক বিষয়াসকলে তেওঁ খোজ কাঢ়ি যোৱাৰ ধৰণটো দেখি সন্দেহ কৰিছিল। এজন শুল্ক বিষয়াই মহিলাগৰাকীক সহায় কৰিব লাগিব বুলি সুধিছিল কিন্তু তেওঁ অস্বীকাৰ কৰিছিল। তেওঁৰ অদ্ভুত আচৰণে বিষয়াসকলৰ সন্দেহ বৃদ্ধি কৰিছিল।
এক্স-ৰে কৰি পেটত দেখা পোৱা গৈছিল কেপচুল
শুল্ক বিষয়াসকলে য়ুগাণ্ডাৰ (Uganda) মহিলাগৰাকীক বিমানবন্দৰৰ পৰা বাহিৰৈ যাবলৈ বাধা দিছিল তেওঁৰ পেটৰ এক্স-ৰে কৰিছিল। এক্স-ৰেৰ সময়ত পেটত কেপচুল দেখা গৈছিল। তাৰ পিছত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। য’ত পেটৰ পৰা কোকেইনৰ কেপচুল উলিয়াই অনা হৈছিল।
১৪ কোটিৰ কোকেইন জব্দ
শুল্ক বিষয়াসকলৰ মতে, পেটৰ পৰা উলিওৱা কেপচুলৰ সংখ্যা হৈছে ৯১ আৰু ওজন ৯৯৩ গ্ৰাম। সেই কেপচুলবোৰৰ বজাৰত মূল্য ১৪ কোটি টকা। নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো আৰু দিল্লী আৰক্ষীয়েও ইমান বৃহৎ পৰিমাণৰ কোকেইন পোৱাৰ পিছত তদন্তত যোগদান কৰিছে। তেওঁলোকে মহিলাগৰাকীক কোকেইনৰ উৎস আৰু ডেলিভাৰী কৰা লোকজনৰ বিষয়ে সোধা-পোছা কৰি আছে।
চলিত মাহত দ্বিতীয়টো বৃহৎ জব্দ
ইয়াৰ পূৰ্বে ৯ ডিচেম্বৰত বৃহৎ পৰিমাণৰ কোকেইন (Cocaine) ধৰা পৰিছিল। তেতিয়া এগৰাকী নাইজেৰিয়ান মহিলাৰ পৰা প্ৰায় ২০০ টা কেপচুল উদ্ধাৰ কৰা হৈছিল। সেই কেপচুলবোৰৰ ওজন প্ৰায় ২৮৩৮ গ্ৰাম আছিল।
Discussion about this post