মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Delhi CM Arvind Kejriwal) বাকযুদ্ধ এতিয়া তুংগত (Twitter Fight)। টুইটাৰত টুইট কৰি কৰি এতিয়া এই বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে। টুইটাৰত এগৰাকী মুখ্যমন্ত্ৰীয়ে আনগৰাকী মুখ্যমন্ত্ৰীক বাক্যবাণ নিক্ষেপ কৰি থকা দেখা গৈছে।
শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভাৰতক ১ নম্বৰ দেশ বনাম বুলি কৰা দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক উল্লেখ কৰি কয় যে- ‘আপুনি ভাৰতক ১ নং বনাব নালাগে, মোদীজীয়ে ইতিমধ্যে এই কাম কৰি আছে।’
অসম আৰু দিল্লীৰ মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল অসম চৰকাৰে বিদ্যালয় সন্দৰ্ভত লোৱা সিদ্ধান্তৰ পৰাই। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ফেইল কৰা বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা অসম চৰকাৰকলৈ কেজৰিৱালে টুইট কৰি কৈছিল যে- ‘বিদ্যালয় বন্ধ কৰাটো সমস্যাৰ সমাধান নহয়।’
কেজৰিৱালৰ এই টুইটৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালক লক্ষ্য কৰি টুইট কৰে আৰু শিক্ষামন্ত্ৰী হিচাপে কাৰ্যকালত খোলা বিদ্যালয়সমূহৰ এখন তালিকা প্ৰকাশ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) এই টুইটৰ উত্তৰ কেজৰিৱালে এইদৰে দিয়ে যে-‘তেওঁৰ অসম চৰকাৰক সমালোচনা কৰাৰ উদ্দেশ্য নাই। কিন্তু অসম চৰকাৰৰ ভাল কাম-কাজবোৰ চাবলৈ মাতিলে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিব পাৰে আৰু ইজনে সিজনৰ পৰা শিকিলেহে ভাৰত ১ নম্বৰ হ’ব ৷ ইয়াৰ লগতে কেজৰিৱালে তেওঁৰ ‘মেক ইণ্ডিয়া নং-১’ অভিযানৰ বিষয়েও উল্লেখ কৰে।
Unlike in Delhi, we manage fury of floods, dealt with militancy, negotiate hilly & tough terrains – and yet deliver high quality education.
We're amazing hosts. Please come; spend 2 nights in our riverine area and hill districts. See challenges we face. You'll stop lecturing👇
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 26, 2022
We impart education in six mediums including 14 different tribal languages. Our diversity is something that we'r proud of, cherish, & ensure it to thrive through our unique education system. And yes, we do not have resources like that in Delhi. We're proud of what we've and do!👇
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 26, 2022
And yes, when you're in Assam, which you so desperately wish to, I will take you to our Medical Colleges, 1000 times better than your Mohalla Clinic. Also meet our bright Govt school teachers & students.
और हाँ, आप देश को No 1 बनाने की चिंता छोड़ दें, वो मोदी जी कर रहे हैं।
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 26, 2022
ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইট কৰি কয়, ‘প্ৰিয় কেজৰিৱাল জী, আপোনাৰ অজ্ঞতা বেদনাদায়ক। মোক আপোনাক সহায় কৰিবলৈ দিয়ক।
দিল্লীতকৈ অসম ৫০ গুণ ডাঙৰ! আমাৰ ৪৪,৫২১ খন চৰকাৰী বিদ্যালয়ত ৬৫ লাখ শিশু পঢ়ে। আনহাতে দিল্লীত ১০০০ খনতকৈ অলপ বেছি বিদ্যালয় আছে। আমাৰ দুই লাখ শিক্ষকৰ এক নিষ্ঠাবান বাহিনী আছে। ১.১৮ লাখ মধ্যাহ্ন ভোজন কৰ্মী আছে। আমাৰ প্ৰত্যাহ্বানবোৰ দেখিলে বক্তৃতা দিবলৈ পাহৰি যাব। বানপানী, সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসম। দিল্লীৰ দৰে আমাৰ সম্পদ নাই। অসমলৈ আহিলে মই আপোনাক মেডিকেল কলেজলৈ লৈ যাম, যি আপোনাৰ মহল্লাৰ ক্লিনিকতকৈ ভাল। লগতে আমাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতেও চিনাকি কৰাই দিম।”
হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ প্ৰত্যুত্তৰত কেজৰিৱালে কয় যে-‘हमारे यहाँ कहावत है। कोई पूछे “मैं कब आऊँ” और आप कहें “कभी भी आ जाओ” इसका मतलब होता है “कभी मत आओ”। मैंने आपसे पूछा “आपके सरकारी स्कूल देखने कब आऊँ” आपने बताया ही नहीं। बताइए कब आऊँ, तभी आ जाऊँगा।’
हमारे यहाँ कहावत है। कोई पूछे “मैं कब आऊँ” और आप कहें “कभी भी आ जाओ” इसका मतलब होता है “कभी मत आओ”।
मैंने आपसे पूछा “आपके सरकारी स्कूल देखने कब आऊँ” आपने बताया ही नहीं। बताइए कब आऊँ, तभी आ जाऊँगा। https://t.co/A7lbp1KVI6
— Arvind Kejriwal (@ArvindKejriwal) August 27, 2022
Photo: Google
Discussion about this post