উত্তৰ প্ৰদেশৰ (Uttar Pradesh) মুজাফ্ফৰনগৰৰ (Muzaffarnagar) চিকিৎসকসকলে এজন ৰোগীৰ পেটৰ পৰা ৬৩খন ষ্টীলৰ চামুচ উলিয়ালে (63 Spoons Removed From The Patients Stomach)। প্ৰাপ্ত তথ্য অনুসৰি মনচুৰপুৰ অঞ্চলৰ আৰক্ষী থানাৰ বোপাদা গাঁৱৰ বাসিন্দা বিজয় ড্ৰাগছৰ প্ৰতি আসক্ত (Drugs Addict)। যাৰ বাবে বিজয়ৰ পৰিয়ালে তাক নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱাইছিল। বিজয়ক প্ৰায় পাঁচ মাহ আগতে চামলি জিলাৰ এটা নিচামুক্ত কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল।
য’ত যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু পৰিয়ালে তাক মুজাফ্ফৰনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিল। য’ত চিকিৎসকে তাৰ অস্ত্ৰোপচাৰ কৰিছিল আৰু পেটৰ পৰা ৬৩খন ষ্টীলৰ চামুচ উলিয়াই আনিছিল। চিকিৎসকসকলে কৈছে যে এনেকুৱা ঘটনা প্ৰথমবাৰ সংঘটিত হৈছে। যুৱকজনৰ পেটৰ পৰা চামুচ ওলাই অহাৰ কথাক লৈ পৰিয়ালবৰ্গও আচৰিত। সকলোৱে ভাবি আছে কেনেকৈ চামুচ পেটত সোমাই গৈছিল? বৰ্তমান ৰোগীৰ অৱস্থা সংকটজনক হৈ আছে।
অস্ত্ৰোপচাৰ কৰা চিকিৎসকজনে কয় যে প্ৰথম কামটো হ’ল ৰোগীৰ জীৱন ৰক্ষা কৰা। ৰোগীজনৰ অৱস্থা এতিয়া যথেষ্ট সংকটজনক, সেয়েহে ৰোগীজন স্বাভাৱিক নোহোৱালৈকে তেওঁ এই বিষয়ত সংবাদ মাধ্যমৰ সন্মুখত একো কথা প্ৰকাশ নকৰে। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি বিজয়ৰ ভতিজা অখিল চৌধুৰীয়ে কয় যে আমাৰ মামাক নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল। তাত তেওঁক চামুচ খুৱাইছিল। চামুচ খোৱাৰ পিছত, তেওঁৰ সমস্যা হৈছিল, যাৰ পিছত আমি তেওঁৰ অস্ত্ৰোপচাৰ কৰিছিলো। অৱশ্যে, এতিয়ালৈ পেটত চামুচ সোমোৱা ঘটনাটো ৰহস্যজনক হৈ আছে।
Phot: Google
Discussion about this post