ৰাজস্থানৰ (Rajasthan) ঝালাৱাৰ জিলাত (Jhalawar District) NH-52ত শনিবাৰে সন্ধিয়া ৪.৩০ বজাত আসনাৱাৰৰ ওচৰত গাড়ী-কণ্টেইনাৰ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষত (Container, Car And Bike Collision) ৫ গৰাকী লোকে হেৰুৱাই প্ৰাণ (5 Person Killed)। মৃতকৰ ভিতৰত ৩জন ছাত্ৰ। ছাত্ৰকেইজনে পৰীক্ষা দি ঘৰৈল উভতি আহি আছিল। ৰ্ঘটনাটো ইমানেই ভয়ংকৰ (Horrific Road Accident) আছিল যে চাৰিচকীয়া গাড়ী চালকজনৰ ডিঙি ছিঙি দূৰৈত ছিটিকি পৰে। কণ্টেইনাৰখনৰ গতি দ্ৰুত হোৱাৰ বাবে গাড়ীখনক খুন্দিয়াই তাৰ পিছফালে আহি থকা বাইকখনত খুন্দা মাৰে। বাইকখনতো তিনিজন শিক্ষাৰ্থী আছিল (3 Students Killed) । দুৰ্ঘটনাটোত গাড়ী চালকসহ ৪ জন লোক আৰু বাইকখনত থকা তিনিজন ছাত্ৰসহ ৭ গৰাকী লোক গুৰুতৰভাবে আহত হয়। স্থানীয় লোকসকলৰ সহায়ত আৰক্ষীয়ে আহতসকলক ঝালাৱাৰ চিকিৎসালয়লৈ (Jhalawar Hospital) লৈ যায়। য’ত ৫ গৰাকীক চিকিৎসকসকলে মৃত বুলি ঘোষণা কৰে।
আসনাৱাৰ আৰক্ষী থানাৰ ASI বালচান্দে কৈছিল যে NH-52ত আকোডিয়া-তেলিয়া খেৰী গাঁৱৰ মাজৰ ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। ঝালাৱাৰেৰে গৈ থকা গাড়ী আৰু অকলেৰাৰ ফালেৰে আহি থকা কণ্টেইনাৰৰ মাজত মুখা-মুখি সংঘৰ্ষ হয়। কণ্টেইনাৰখন স্পীডত থকা বাবে গাড়ীখন পিছফালে টানি নিছিল, যাৰ ফলত গাড়ীখনৰ পিছফালে অহা বাইকখনকো খুন্দা মাৰিছিল।
বাইকখন চলাই থকা তিনিওজন মৃতকৰ পৰিচয় তেওঁলোকৰ সম্বন্ধীয় এজন নাৰ্চিং কৰ্মীয়ে কৰে। নাৰ্চিং কৰ্মী ৰাধিকা পাৰেতাই ক’লে যে বাইকত যাত্ৰা কৰা নীতেশৰ পুত্ৰ ৰামলাল পাৰেতা, মনীষৰ পুত্ৰ ৰামকল্যাণ পাৰেতা নিবাসী চাচোৰানী আৰু চনুৰ পুত্ৰ গিৰধৰ পাৰেতা নিবাসী চান্দিপুৰ হয়। যিয়ে বিএ চূড়ান্ত পৰীক্ষা দিবলৈ বাইকত ঝালাৱাৰলৈ গৈছিল। পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁলোক উভতি আহি আছিল।
দুৰ্ঘটনাটোত গাড়ীখনত যাত্ৰা কৰা চৰিয়া, আৰক্ষী থানা গৰোঠ নিবাসী দুৰ্গা সিঙৰ পুত্ৰ অৰ্জুন সিং আৰু বলৰামৰ পুত্ৰ মনা সেনৰ মৃত্যু হৈছিল। ইফালে, কৰণ সিঙৰ পুত্ৰ কালু সিং আৰু কমলেশৰ পুত্ৰ মোহন লাল আহত হয়। ৰাধিকা নামৰ নাৰ্চিং কৰ্মীয়ে কৈছিল যে মৃত নীতেশ তাইৰ জেঠায়েকৰ পুত্ৰ, আনহাতে চনু খুড়ায়েকৰ পুত্ৰ। তেওঁ তিনিওজনকে কালিয়েই বুজাইছিল যে গৰম বহুত বেছি, সেইকাৰণে পৰীক্ষা দিবলৈ গ’লে বাছেৰে যাবা, কিন্তু সিহঁতে শুনা নাছিল আৰু বাইকেৰে পৰীক্ষা দিবলৈ গুচি যায়।
Photo: Google
Discussion about this post