আৰক্ষীৰ জনোৱা অনুসৰি, মুম্বাইৰ (Mumbai) দেওনাৰ (Deonar) অঞ্চলত বান্ধৱীয়ে ফোন নুঠোৱাৰ পিছত এজন ২৪ বছৰীয়া যুৱকে আত্মহত্যাৰ (Suicide) দৰে চৰম পথ বাচি লয়।
মৃত যুৱকজন মানৱ লালৱানী বুলি চিনাক্ত কৰা হৈছে। ট্ৰম্বে আৰক্ষী থানাৰ (Trombay Police station) জ্যেষ্ঠ বিষয়া সিদ্ধেশ্বৰ গভে সংবাদ মাধ্যমক কৈছিল যে ভুক্তভোগীগৰাকী আৰু তেওঁৰ বান্ধৱী নিশা পলমকৈ পাৰ্টিত বন্ধুৰ সৈতে গৈছিল।
“যেতিয়া পাৰ্টি শেষ হৈছিল যুৱকজন ঘৰলৈ আহি বান্ধৱীক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, বান্ধৱীয়ে ফোনটো (Phone Call) উঠোৱা নাছিল। আৰক্ষী বিষয়াজনে কৈছিল যে, যুৱকজনে বাৰে বাৰে যোগাযোগ কৰাৰ পিছতো যেতিয়া বান্ধৱীয়ে ফোন উঠোৱা নাছিল তেতিয়া ফাঁচী লগাই আত্মহত্যা (Suicide) দৰে চৰম পথ বাচি লয়। কৰিছিল। তাৰ পিতৃ-মাতৃয়ে মঙলবাৰে পুৱা চাদত ওলমি থকা দেখিছিল আৰু আৰক্ষীক খবৰ দিছিল।
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে
আগন্তুক তদন্তৰ বাবে CCTVৰ দৃশ্য পৰীক্ষা কৰা হৈছে। গোচৰ ৰুজু কৰি যুৱতীগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/women-harrasment-by-husband-at-golaghat-in-assam/5169/
Discussion about this post