মধ্যপ্ৰদেশৰ খাৰ্গোন জিলা বিষয়াসকলে বুধবাৰে কয় যে, এটা ভিডিঅ’ পোহৰলৈ অহাৰ পিছত দুগৰাকী মহিলাসহ চাৰিজন আৰক্ষী কনিষ্টবলক নিলম্বন কৰা হৈছে। এগৰাকী বিষয়াই জনোৱা অনুসৰি, “এই সপ্তাহত এই চাৰিজন আৰক্ষী কৰ্মীৰ সৈতে সম্পৰ্কিত এটা ভিডিঅ’ পোহৰলৈ আহিছে।
অতিৰিক্ত আৰক্ষী অধীক্ষক নীৰজ চৌৰাছিয়াই সাংবাদিকক কয় যে, ভিডিঅ’টোৰ ভিত্তিত তেওঁলোকক নিলম্বিত কৰা হৈছিল আৰু বিষয়টোৰ অধিক তদন্ত চলি আছে।” এইটোৱে আৰক্ষী কৰ্মীসকলৰ অনুশাসনহীনতা প্ৰদৰ্শন কৰে আৰু আৰক্ষী বাহিনীৰ ভাৱমূৰ্তি কলুষিত কৰাৰ এক কাৰ্য।”
সেয়েহে উদয়ৰাজ মীনা, শুভম চৌহান, স্বাতী বেলা আৰু আকাংক্ষা বাৰ্মা বুলি চিনাক্ত কৰা চাৰিজন আৰক্ষী কৰ্মীক তাৎক্ষণিক ভাৱে নিলম্বিত কৰা হৈছে বুলি জনায়।
Photo: Google





























Discussion about this post