আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ম’ষ্ট ৱাণ্টেড (Most Wanted Rhino Poacher) গঁড় চিকাৰীৰ, হাতত হেণ্ডকাফ লৈয়ে নদীত জাঁপ। কেৰালাৰ (Kerela) পৰা গ্ৰেপ্তাৰ কৰা হৈছিল চিকাৰীটোক। আন্ধাৰৰ সুযোগ লৈ কালি নিশা পলায়ন কৰে।
কেৰেলাত (Kerela) গ্ৰেপ্তাৰ হোৱা ম’ষ্ট ৱাণ্টেড গঁড় চিকাৰী আচমত আলী ওৰফে নালকো আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ৷ ১৮ ফেব্ৰুৱাৰীত কেৰেলাত গ্ৰেপ্তাৰ হৈছিল কাজিৰঙাৰ বহুকেইটা গঁড় হত্যাৰ মাষ্টাৰমাইণ্ড বিশ্বনাথৰ চতিয়া থানাৰ অন্তৰ্গত ১ নম্বৰ আদাভেটিৰ ম:আজিবুৰ ৰহমানৰ পুত্ৰ ৩৫ বছৰীয়া নালকো ৷
বিশ্বনাথ আৰক্ষীয়ে (Biswanath Police) কেৰেলা আৰক্ষীৰ (Kerela Police) সহযোগত গ্ৰেপ্তাৰ কৰি যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথলৈ নালকোক লৈ অনা হৈছিল ৷ নিশাই নালকোৱে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খৰ্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি পলায়ন কৰে ম’ষ্ট ৱাণ্টেড গঁড় চিকাৰীটোৱে৷
আৰু পঢ়কঃ https://khatangkhobor.com/news/most-wanted-rhino-poacher-arrested-from-kerela-by-assam-police/6933/
আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও ৪ দিনে সন্ধান ওলোৱা নাই কুখ্যাত গড় চিকৰী নালকোৰ। কিন্তু এতিয়ালৈকে নালকোৰ পলায়ণ সম্পৰ্কত কোনো মন্তব্য প্ৰকাশ কৰা নাই বিশ্বনাথ আৰক্ষীয়ে৷
উল্লেখ যে, বুধবাৰে অসমত গঁড় চিকাৰ কৰি বহিঃৰাজ্যত আত্মগোপন কৰি থকা কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকো আৰক্ষীৰ জালত পৰিছিল। অসমত গঁড় চিকাৰ কৰি খৰ্গ কাটি লৈ যোৱাৰ ঘটনাৰ বাবে কুখ্যাত গঁড় চিকাৰীটোক (Rhino Poacher) অসম আৰক্ষীয়ে ম’ষ্ট ৱাণ্টেড (Most Wanted) ঘোষণা কৰা লগতে মূৰৰ দাম ঘোষণা কৰিবলগীয়া হৈছিল। কাজিৰঙাত এটা গঁড় চিকাৰ কৰাৰ ঘটনাত প্ৰত্যক্ষভাবে জড়িত আছিল এই চিকাৰীটো। আনকি অসম আৰক্ষী কুখ্যাত গঁড় চিকাৰীটোৰ তথ্য দিব পৰা লোকক ২ লাখ টকাৰ পুৰস্কাৰও ঘোষণা কৰিছিল।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/tragic-incident-rajasthan-jaipur-suicide-case/7030/
Discussion about this post