তিনিচুকীয়াত (Tinsukia) এক শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হৈছে। পেৰাগ্লাইডাৰৰ পৰা সৰি পৰি পংকজ গগৈ নামৰ এজন যুৱকে সাৱটিলে মৃত্যুক (Death) । এই ঘটনা গুজিয়ানৰ ডিব্ৰু নৈৰ সমীপৰ স্কাইলেণ্ড ৰিজ’ৰ্টত সংঘটিত হৈছে।
জানিবলৈ দিয়া অনুসৰি মৃত লোকজনৰ ঘৰ লখিমপুৰত। পেৰাগ্লাইডিং (Paragliding) কৰি থাকোতে পেৰাগ্লাইডাৰৰ পৰা সৰি পৰাত ঘটনাস্থলীতে মৃত্যু হয় যুৱকজনৰ।
অস্থায়ীভাৱে স্থাপন কৰা ৰিজৰ্টখনলৈ বুধবাৰে পংকজ গগৈ নামৰ যুৱকজনে পেৰাগ্লাইডিং কৰিবলৈ গৈছিল আৰু পেৰাগ্লাইডিং (Paragliding) কৰি থকাৰ সময়তে ওপৰৰ পৰা সৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল পংকজ গগৈ। আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও যুৱকজনৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়।
গুইজানৰ ডিব্ৰু নদীৰ বালিচৰত সঞ্জয় দাস আৰু প্ৰসন্ন দাস নামৰ দুজন লোকে অবৈধভাৱে স্কাইলেণ্ড নামৰ ৰিজৰ্টখন স্থাপন কৰা বুলি বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকসকলে অভিযোগ তুলি আহিছে।
উল্লেখ্য পেৰাগ্লাইডাৰৰ পৰা পৰি মৃত্যু হোৱাৰ এইটো প্ৰথম ঘটনা নহয়। ১০ জানুৱাৰীত হিমাচল প্ৰদেশৰ বীৰ বিলিং পেৰাগ্লাইডিং ছাইটত ঋষভ ত্ৰিপাঠী নামৰ এটি ১২ বছৰীয়া কিশোৰে পেৰাগ্লাইডাৰৰ পৰা পৰি মৃত্যুক সাৱটিছিল।
Photo: Google
Discussion about this post