এক চাঞ্চল্যকৰ তথা শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হৈছে। ঘটনাৰ স্থান পশ্চিম দৰং। প্ৰেমিকাক নিজৰ কৰিব নোৱাৰি ৰে’লৰ (Train) আগত জপিয়াই আত্মহত্যা কৰিলে এজন প্ৰেমিকে (Lover Suicide)। ইপিনে যুৱকজনক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এজন বন্ধুৱে।
জানিবলৈ দিয়া অনুসৰি, পশ্চিম দৰঙৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত শালিকাঝাৰ নিবাসী এগৰাকী যুৱতীৰ সৈতে বড়িগাঁৱৰ ইক্ৰাম আলী নামৰ এজন যুৱকৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। যাৰ বাবে প্ৰায় ডেৰ বছৰ পূৰ্বে প্ৰেমিকাক লগত লৈ প্ৰেমিক ইক্ৰাম আলীয়ে পলাই যায়।
কিন্তু সেই সময়ত বিবাহৰ কাৰণে প্ৰাপ্তবয়স্ক হোৱা নাছিল দুয়োৰে। পিছত দুয়োটা পৰিয়ালৰ লোকে আলোচনা কৰি উপযুক্ত সময়ত দুয়োৰে বিয়া পাতি দিয়া হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু এই সিদ্ধান্তক লৈ সুখী নাছিল প্ৰেমিকৰ পিতৃ। এই কথাটো ১৩ আগষ্টত সংঘটিত হোৱা এক ঘটনাই।
জানিব পৰা মতে, সেইদিনা প্ৰেমিক ইক্ৰামক বাইহাটা চাৰিআলিত প্ৰেমিকাৰ পিতৃ ইছমাইলে জব্দ কৰি ৰাখি ইক্ৰামৰ পিতৃ নাছিৰুদ্দিনক অবগত কৰে। ফলত পিতৃ নাছিৰুদ্দিনে আহি ইক্ৰামৰ ফালি চিৰি পেলোৱা ছাৰ্ট পিন্ধি থকালৈ লক্ষ্য কৰি আচৰিত হৈ উঠে।
প্ৰেমিকাৰ পিতৃ ইছমাইলে ইক্ৰামক বাইকৰ পাছফালে বহুৱাই লৈ প্ৰতিবেশী পৰিয়ালৰ ঘৰত এখন চুক্তি পত্ৰত প্ৰেমিক ইক্ৰাম আৰু পিতৃ নাছিৰুদ্দিনক স্বাক্ষৰ কৰিবলৈ বাধ্য কৰায়। চুক্তি পত্ৰখনত লিখা অনুসৰি ইক্ৰামে ভৱিষ্যতে তেওঁৰ কন্যাৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে।
ইয়াৰ পাছতে মানসিকভাবে ভাঙি পৰা ইক্ৰামে গুৱাহাটীত বাস কৰা বন্ধু হাফিজুল আলীৰ ঘৰলৈ ফুৰিবলৈ যায় আৰু ১৬ আগষ্টত দুয়ো বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বড়িগাঁৱৰ ঘৰলৈ আহিব বুলি পৰিয়ালক জনায়।
ইয়াৰ পাছতে মঙলবাৰে সন্ধিয়া বাইহাটা ৰে’ল ষ্টেচনৰ (Baihata Rail Station) সমীপত নিজৰ হোৱাট্চএপত প্ৰেমিকাক উদ্দেশ্যি বিভিন্ন ষ্টেটাচ আৰু কেইবাখনো একলগে থকা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তীব্ৰ বেগত অহা এখন ৰে’লৰ সন্মুখত জপিয়াই দিয়ে।
ইফালে লগত থকা হাফিজুল (২১) নামৰ বন্ধু জনেও ইক্ৰামক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয়। ঘটনাৰ খবৰ লাভ কৰি বাইহাটা জি আৰ পিয়ে মৃতদেহ উদ্ধাৰ কৰে। সন্ধিয়া গাঁওখনৰ দুজনকৈ যুৱকৰ মৃতদেহ লৈ অহাৰ লগে লগে এক শোকাকুল পৰিৱেশ সৃষ্টি হয়।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-coconut-benefits-for-health/11203/
Discussion about this post