অসমীয়াৰ স্বাভিমান, সংস্কৃতিৰ প্ৰতীক শৰাই, জাপি আদিক চূড়ান্ত অপমান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। এই ঘটনা সংঘটিত হৈছে চামগুৰিৰ (Samaguri) পক্ষীতীৰ্থ বিলৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত।
ফʼৰলেন যুক্ত পথ নিৰ্মাণৰ নামত পথ নিৰ্মাণকাৰী সংস্থাই তাত থকা এখন শিশু উদ্যানত জেচিপি,বুলডজাৰ চলাই এক প্ৰকাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীকি ৰূপ দাঙি ধৰা এখন বৃহৎ আকাৰৰ শৰাই, মহাপুৰুষ জনাৰ অমৰ সৃষ্টি খোলৰ সৈতে থকা এটা জাপি, মʼহৰ শিঙৰ পেঁপাৰ সৈতে থকা খুতি-তাল আদি ভাঙি পেলোৱাৰ দৃশ্যই প্ৰতিজন অসমীয়াৰ মনত আঘাত দিছে।
আনহাতে এই ঘটনাৰ পিছতে অসম চৰকাৰে তৎপৰতাৰে পদক্ষেপ লৈছে আৰু আজি মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika) নিজে চামগুৰিত উপস্থিত হোৱাৰ কথা। উপায়ুক্ত তথা NHIDCL বিষয়াকো চামগুৰিলৈ মাতিছে।
আজিয়ে সেই ভঙা শৰাইখন উঠাই সুৰক্ষিতভাবে ৰাখিব আৰু পৰৱৰ্তী পৰ্যায়ত চামগুৰিবাসীৰ সৈতে আলোচনা কৰি চামগুৰিতে সুন্দৰকৈ স্থাপন কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা।
Photo & Input: Haris Tanbir
Discussion about this post