Viral Video: বহুলোকৰ বাবে টেটু আৰু বডী পিয়াৰচিং (Body Piercings) আত্ম-পৰিচয়ৰ অভিব্যক্তি হয়, কিন্তু এই জাৰ্মান লোকজনৰ (German Man) বাবে, এয়া তেওঁৰ বাবে গোটেই জীৱন হয়। লোকজন টেটু আৰু পিয়াৰচিঙৰ প্ৰতি ইমানেই আগ্ৰহী যে তেওঁ আটাইতকৈ বেছি বডী মডিফিকেচনৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড (Guinness World Record) স্থাপন কৰিছে। ৰল্ফ বুকলজ (Rolf Buchholz) নামেৰে জনাজাত লোকজনৰ শৰীৰত ৫১৬ টাতকৈও অধিক মডিফিকেচন আছে, আৰু তেওঁ কয় যে ইয়াতকৈও অধিক তেওঁক মডিফিকেচন কৰোৱাবলৈ বাকী আছে।
লোকজনে তেওঁৰ শৰীৰত কৰোৱালে ৫১৬টা মডিফিকেচন
গিনিজ ৱৰ্ল্ড ৰেকৰ্ড (Guinness World Record) অনুসৰি, ৬২ বছৰীয়া ৰল্ফ বুকহোলজৰ (Rolf Buchholz) যৌনাংগত ২৭৮টাসহ ৫১৬টা ছিদ্ৰ আছে। কেৱল সেয়াই নহয়, মানুহজনে হৰ্ণ ইমপ্লাণ্ট, টেটু কৰা চকু, জিভাখনৰ দুটা ভাগ আৰু নিজৰ আঙুলিবোৰটো পিয়াৰচিং কৰোৱাইছে। কি ইয়াৰ পৰা বিষ নহয় নেকি, এই বুলি সোধাত ৰল্ফে কয় যে পিয়াৰচিঙত একেবাৰ বিষ নহয়। অৱশ্যে, তেওঁ স্বীকাৰ কৰে যে আটাইতকৈ বেদনাদায়ক অভিজ্ঞতাটো আছিল তেওঁৰ হাতৰ তলুৱাৰ টেটু।
Watch Horrific Video-
গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰি মানুহক আচৰিত কৰে
ৰল্ফে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক (Guinness World Record) কৈছিল, “মই বডী মডিফিকেচনেৰে আৰম্ভ কৰিছিলোঁ কাৰণ মই ইয়াক ভাল পাওঁ। পিয়াৰচিং আৰু টেটু কৰোৱা যথেষ্ট আমোদজনক হয়, সেয়েহে মই অধিকতকৈ অধিক কৰোৱাবলৈ আৰম্ভ কৰিলোঁ। এদিন, মই দেখিছিলো যে মই ৰেকৰ্ড ভাঙিব পাৰোঁ কাৰণ মই আন ৰেকৰ্ড ধাৰকসকলক লগ পাইছিলো আৰু অনুভৱ কৰিছিলো যে মোৰ তেওঁলোকতকৈ অধিক পিয়াৰচিং আছে।” ৰল্ফে লগতে কয়, “মই ভাবো মোৰ বিখ্যাত বডী মডিফিকেচন হৈছে মোৰ শিং ইমপ্লাণ্ট।
প্ৰথম টেটু ৪০ বছৰ বয়সত কৰোৱাইছিল
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, ৰল্ফে জাৰ্মানীৰ এটা টেলিকম কোম্পানীৰ বাবে তথ্য প্ৰযুক্তিত কাম কৰে। ৰল্ফে ৪০ বছৰ বয়সত বডী মডিফিকেচনৰ যাত্ৰা আৰম্ভ কৰিছিল যেতিয়া তেওঁ তেওঁৰ প্ৰথম টেটু আৰু পিয়াৰিচিং কৰোৱাইছিল।
Photo: Google
Discussion about this post