প্ৰলয়ংকাৰী বানপানীৰ সৈতে যুঁজি থকা পাকিস্তানত (Pakistan) এতিয়াও সংখ্যালঘু, বিশেষকৈ হিন্দুসকলৰ বিৰুদ্ধে হোৱা হিংসা বন্ধ হোৱাৰ চিনে দেখা পোৱা নাই। শেহতীয়া ঘটনা অনুসৰি, তাত এগৰাকী ৮ বছৰীয়া হিন্দু কিশোৰীৰ সৈতে সংঘটিত হয় দলবদ্ধ ধৰ্ষণ কাণ্ড (Gangrape)। কেৱল এয়াই নহয় পাষণ্ডকেইটাই কিশোৰীগৰাকীৰ দুয়োটা চকুও উলিয়াই আনে।
ঘটনাটো পাকিস্তানৰ সিন্ধু প্ৰদেশত (Sindh) সংঘটিত হৈছিল (Eight Year Old Hindu Girl Was Brutally Gang Raped In Umarkot)। তথ্য অনুসৰি, দেওবাৰে নাবালিকাগৰাকীক মাৰপিট কৰা হৈছিল। সন্দেহযুক্তসকলে তাইৰ গোটেই মুখখন আঁচুৰি পেলাইছিল। এই ঘটনাটো তেতিয়া পোহৰলৈ আহে যেতিয়া পাকিস্তানত এজন হিন্দু অধিকাৰ কৰ্মীয়ে এটা ভিডিঅ’ ক্লিপ টুইট কৰে, য’ত ভুক্তভোগীগৰাকীক ষ্ট্ৰেচাৰত দেখা পোৱা গৈছিল, যেতিয়া তাইৰ মাতৃ-পিতৃয়ে তাইক হাস্পতালৰ ভিতৰলৈ লৈ গৈছিল।
ভিডিঅ’টোত এগৰাকী মহিলাক ভুক্তভোগীৰ পৰিয়ালৰ সৈতে চিকিৎসালয়লৈ যোৱা দেখা গৈছিল। মহিলাগৰাকীয়ে সাংবাদিকসকলক কৈছিল যে কিশোৰীগৰাকীৰ অৱস্থা বৰ বেয়া আছিল কিয়নো ৰক্তক্ষৰণ বন্ধ হোৱা নাছিল। ফাৰ্ষ্ট পোষ্টৰ অনুসৰি, মহিলাগৰাকীয়ে ক’লে, “তাইৰ যৌনাংগৰ পৰা নিৰন্তৰ ৰক্তক্ষৰণ হৈ আছে, স্থানীয় জৰুৰীকালীন চিকিৎসালয়ৰ চিকিৎসকসকলে তাইক বিআইডিএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে, য’ত এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞই তাইৰ অৱস্থা পৰীক্ষা কৰিব কিয়নো তাইৰ নিৰন্তৰ ৰক্তক্ষৰণ হৈ আছে।
তেওঁ ক’লে, “ধৰ্ষণকাৰীয়ে কিশোৰীগৰাকীৰ গোটেই মুখখন আঁচুৰি পেলাইছিল আৰু তাইৰ চকুও উলিয়াই আনিছিল। তেওঁ কয় যে, পাকিস্তানত দৰিদ্ৰ লোকসকলৰ বাবে কোনো স্থান নাই। এইটো কেৱল এটা ঘটনা নহয়, এনেধৰণৰ হাজাৰ হাজাৰ ঘটনা প্ৰতিদিনে সংঘটিত হয় কিন্তু কোনো ব্যৱস্থা লোৱা নহয়, এই লোকসকল ক’ত যাব, চৰকাৰে উত্তৰ দিয়া উচিত।”
হিন্দু অধিকাৰ কৰ্মীয়ে পোষ্ট কৰা আন এটা ভিডিঅ’ ক্লিপত ভুক্তভোগী গৰাকীৰ মাতৃয়ে সংবাদমাধ্যমক কৈছিল যে কিশোৰীগৰাকী এখন দোকানলৈ গৈছিল কিন্তু ঘূৰি অহা নাছিল। বাতৰি অনুসৰি, আটাইকেইজন অভিযুক্ত বৰ্তমান পলাতক, আৰক্ষীয়ে (Umarkot Police) পাষণ্ডকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাই আছে।
Photo: Google
Discussion about this post