এটা প্ৰবাদ আছে যে ৰাখে হৰি মাৰে কোনে। ব্ৰাজিলৰ (Brazil) পৰা একেধৰণৰ ঘটনা পোহৰলৈ আহিছে, য’ত এজন লোকক ডকাইতে গুলীচালনা (Firing) কৰিছিল।
কিন্তু গুলীটো লোকজনৰ পকেটত থকা মোবাইলটোত খুন্দা মাৰে আৰু তেওঁৰ জীৱন ৰক্ষা পৰে। ঘটনাটোৰ সৈতে সম্পৰ্কিত মোবাইলৰ ফটোও পোহৰলৈ আহিছে য’ত দেখা পোৱা গৈছে যে কেনেকৈ মোবাইলৰ স্ক্ৰীণে লোকজনৰ জীৱন ৰক্ষা কৰিছিল।
দৰাচলতে, ঘটনাটো ব্ৰাজিলৰ (Brazil) এখন চহৰ পেট্ৰ’লিনাত সংঘটিত হৈছিল। ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি, লোকজনক ডকাইতে গুলীচালনা কৰে আৰু আৰক্ষী অহাৰ পূৰ্বে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।
মানুহজনক আঘাতপ্ৰাপ্ত অৱস্থাত ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত চিকিৎসকসকলে দেখিছিল যে ভুক্তভোগীজনৰ কঁকালত সামান্য আঘাত আছিল। কিন্তু তেওঁলোকে এই কথা জানি আচৰিত হৈছিল যে গুলীটো লোকজনৰ শৰীৰৰ ভিতৰলৈ যোৱা নাছিল।
প্ৰতিবেদন অনুসৰি, লোকজনৰ ওপৰত হোৱা আক্ৰমণৰ পিছত, সকলোৱে ভাবিছিল যে তেওঁৰ দেহত গুলী লাগিছে, কিন্তু এনে হোৱা নাই। লোকজনৰ মোবাইল ফোনটোৱে ঢালৰ দৰে কাম কৰি বুলেটটোক দেহৰ ভিতৰলৈ সোমোৱাত বাধা প্ৰদান কৰিছিল। জানিবলৈ পোৱা অনুসৰি যেতিয়া গুলীটো নিক্ষেপ কৰা হৈছিল, ই পোনপটীয়াকৈ মোবাইল স্ক্ৰীণত খুন্দা মাৰিছিল আৰু তাৰ পৰা গুলীটো হেলনীয়া হৈ ছিটিকি গৈছিল। সেইকাৰণে গুলীটোৱে লোকজনক আঘাত কৰা নাছিল।
লোকজনক ভৰ্তি কৰোৱা চিকিৎসালয়খনৰ চিকিৎসকজনে তেওঁৰ মোবাইল আৰু ঘটনাটোৰ ফটো টুইটাৰত শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছিল যে লোকজনক গুলীওৱাৰ পিছত ভৰ্তি কৰোৱা হৈছিল। সৌভাগ্যক্ৰমে গুলীটো তেওঁৰ ফোনত লাগি গৈছিল। চিকিৎসকে নিশ্চিত কৰিছিল যে সামান্য আঘাতত লোকজনৰ বিষ হৈছিল।
https://twitter.com/Oparbento1/status/1446181192810864640?s=20
মানুহজনক বৰ্তমান চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। মানুহজনৰ কাহিনী সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে সকলোৰ হতবাক হৈ পৰিছিল। বিভিন্নজনে কৈছিল যে কাহিনীটো সম্পূৰ্ণৰূপে চলচ্চিত্ৰৰ দৰে লাগিছে। কোনোৱে মোবাইল নিৰ্মাণ প্ৰতিষ্ঠানটোকো প্ৰশংসা কৰিছিল।
Photo: Twiiter
Discussion about this post