যদি আপুনি হলিউডৰ গায়ক জাষ্টিন বিবাৰৰ (Justin Beiber) অনুৰাগী তেন্তে এই খবৰে আপোনাক দুখী কৰিব পাৰে। ২৮ বছৰীয়া জাষ্টিন বিবাৰ ৰামছে হাণ্ট ছিণ্ড্ৰোমত (Ramsay Hunt syndrome) আক্ৰান্ত হৈছে। ইয়াৰ বাবে,তেওঁৰ মুখৰ আধা অংশ পক্ষাঘাতগ্ৰস্ত (Paralysis) হৈ পৰিছে।
জাষ্টিন বিবাৰে ইনষ্টাগ্ৰামত নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক কয় যে তেওঁ কিয় তেওঁৰ কনচাৰ্ট শ্ব’ বাতিল কৰিছে। ভিডিঅ’টোত জাষ্টিনে কয়, “এই ৰোগটো মোৰ এটা ভাইৰাছৰ ফলত হৈছে, যি মোৰ কাম আৰু মোৰ মুখৰ শিৰাৰ ওপৰত আক্ৰমণ কৰি আছে। ইয়াৰ বাবে মোৰ মুখৰ এটা ফাল সম্পূৰ্ণৰূপে পক্ষাঘাতগ্ৰস্ত হৈছে। আপুনি দেখা পাইছে যে মোৰ মুখৰ এফালে সম্পূৰ্ণৰূপে পক্ষাঘাত (Paralysis) হৈ গৈছে। আপুনি দেখা পাইছে যে মোৰ এটা চকু লৰচৰ কৰিব পৰা নাই। মই এই ফালৰ পৰা হাঁহিবও নোৱাৰো আৰু এই ফালে থকা মোৰ নাকো লৰচৰ কৰা নাই। ‘
জাষ্টিন বিবাৰে ভিডিঅ’টোত লগতে কয় যে, “কিছুমান অনুৰাগী মোৰ আহিবলগীয়া অনুষ্ঠান বাতিল হোৱাত যথেষ্ট খং কৰিছে। মই এই সময়ত মঞ্চত শাৰীৰিকভাৱে প্ৰদৰ্শন কৰিব নোৱাৰো। বস্তুটো বহুত গুৰুতৰ, যিটো আপুনি দেখা পাইছে। মই বিচাৰো যে সম্ভৱত এনেকুৱা নহওক কিন্তু মোৰ শৰীৰে মোক কৈ আছে যে মই অলপ ৰৈ দিব লাগে। মই আশা কৰিছো যে আপোনালোকে বুজি পাব আৰু মই এই সময়খিনি আৰামত অতিবাহিত কৰিম, যাতে মই ১০০% ঠিক হৈ ঘূৰি আহিব পাৰো আৰু সেয়া কৰো, যি কৰিবলৈ মই জন্ম হৈছো।’
জাষ্টিন বিবাৰৰ কিছুমান অনুৰাগী তেওঁৰ আহিবলগীয়া অনুষ্ঠানটো বাতিল হোৱাত যথেষ্ট খং কৰিছিল। জাষ্টিনে তেওঁলোকক এটা বাৰ্তা দি কৈছে যে তেওঁ এই সময়ত মঞ্চত শাৰীৰিকভাৱে প্ৰদৰ্শন কৰিব নোৱাৰে। চিকিৎসকসকলে তেওঁক আৰাম কৰিবলৈ কৈছে। জাষ্টিনে তেওঁৰ অনুৰাগীসকলক সমৰ্থনৰ বাবে ধন্যবাদ জনায়। লগতে তেওঁ প্ৰতিশ্ৰুতি দিছিল যে সুস্থ হৈ সোনকালে ঘূৰি আহিব। জাষ্টিনে কৈছিল যে তেওঁ চিকিৎসকে কোৱা অনুসৰি মুখৰ ব্যায়াম কৰি আছে যাতে তেওঁৰ মুখখন আকৌ এবাৰ স্বাভাৱিক হৈ উঠে। তেওঁ কয় যে তেওঁ নাজানে যে ইয়াত কিমান সময় লাগিব কিন্তু তেওঁ ঈশ্বৰক বিশ্বাস কৰে। জাষ্টিন বিবাৰৰ অনুৰাগী আৰু বিখ্যাত হলিউডৰ তাৰকাসকলে ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।
ৰামছে হাণ্ট ছিণ্ড্ৰোম (Ramsay Hunt syndrome) কি?
ৰামছে হাণ্ট ছিণ্ড্ৰোম (Ramsay Hunt syndrome) বা আৰএইছএছ (RHS) হৈছে এক বিৰল স্নায়বিক ৰোগ। ইয়াত কাণৰ চাৰিওফালে, চেহেৰাত বা মুখত বিষোৱা দাগ আহি যায়। ইয়াৰ উপৰিও, ৰোগীৰ মুখত পক্ষাঘাতো হ’ব পাৰে। ই কাণত বধিৰতাৰ গুৰুতৰ সমস্যাও সৃষ্টি কৰিব পাৰে। এই বিৰল ৰোগটো তেতিয়া হয় যেতিয়া ভেৰিচেলা-জষ্টাৰ ভাইৰাছে (varicella-zoster virus) মূৰৰ শিৰা সংক্ৰমিত কৰে। একেটা ভাইৰাছে শিশুৰ ক্ষেত্ৰত চিকেনপক্স আৰু প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত শ্বিংগলৰ সৃষ্টি কৰে।
Photo: Instagram
Discussion about this post