বৃহস্পতিবাৰে মেক্সিকোত (Mexico) এখন মালবাহী ট্ৰাক দুৰ্ঘটনাত (Truck Accident) পতিত হৈছিল। দুৰ্ঘটনাটোত চাৰি ডজনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল (Death)। ট্ৰাক চালকজনৰ অৱহেলাৰ বাবে ই দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি কোৱা হৈছে। বৰ্তমান মেক্সিকো আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।
বৃহস্পতিবাৰে নিশা দক্ষিণ মেক্সিকোত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল। এখন নিয়ন্ত্ৰণহীন ট্ৰাকে জনবহুল ৰাস্তাত বহু লোকক মহটিয়াই লৈ যায়। এতিয়ালৈকে, দুৰ্ঘটনাটোত ৫৩ জন লোকৰ মৃত্যু (Death) হৈছে। আনহাতে, ৫০ জনৰো অধিক লোক আহত (Injured) হৈছে। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
এই শোকাৱহ ঘটনাটো চিয়াপাছ ৰাজ্যৰ ৰাজধানীলৈ যোৱা পথত সংঘটিত হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, মালবাহী ট্ৰাকখন যেতিয়াই দলংখনত উঠে লগে লগে চালকজনে নিয়ন্ত্ৰণ হেৰুৱায়। যাৰ ফলত ৰাজপথৰ কাষেৰে খোজকাঢ়ি থকা লোকসকলক মহটিয়াই ডিভাইডাৰত খুন্দা মাৰে। কোৱা হৈছে যে মৃতকৰ সংখ্যা বৃদ্ধিও হ’ব পাৰে।
চিয়াপাছ ৰাজ্যিক অসামৰিক সুৰক্ষা কাৰ্যালয়ৰ মুৰব্বী লুইছ মানুৱেল মোৰেনোৱে কৈছিল যে মৃত আৰু আহতসকলৰ বেছিভাগেই মধ্য আমেৰিকাৰ অনুপ্ৰৱেশকাৰী, যদিও তেওঁলোকৰ ৰাষ্ট্ৰীয়তা এতিয়াও নিশ্চিত হোৱা নাই। মোৰেনোৱে জনাইছিল যে জীৱিত সকলৰ কিছুমানে কৈছিল যে তেওঁলোক চুবুৰীয়া গুয়াতেমালাৰ পৰা আহিছে।
Photo: Google
Discussion about this post