জনপ্ৰিয় ছাৰ্চ ইঞ্জিন গুগলে ভৰি দিলে ৰূপালী জয়ন্তী বৰ্ষত। গুগলৰ এই ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষত ভাৰতৰ বাবে আহিল এক ভাল খবৰ। এতিয়াৰ পৰা ভূমিকম্প অহাৰ পূৰ্বে গুগলে দিব আগজাননী।
গুগলৰ এই ২৫ বছৰীয়া জন্মদিনৰ দিনটোত এণ্ড্ৰইড গ্ৰাহকৰ বাবে আনিছে এই ভাল খবৰ। গুগলে জনোৱা অনুসৰি ভূমিকম্পৰ তীব্ৰতা চিনাক্ত কৰিবলৈ এণ্ড্ৰইড মোবাইলত এক চেঞ্চৰে কাম কৰিব।
ভূমিকম্পৰ সতৰ্কতাৰ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ মোকাবিলা কৰ্তৃপক্ষ (NDMA) আৰু ৰাষ্ট্ৰীয় ছিচোমলজি চেণ্টাৰ (NSC) ৰ সৈতে আলোচনা কৰিছে গুগলে। ছাৰ্চ ইঞ্জিন সংস্থাটোৰ মুখপাত্ৰগৰাকীয়ে দাবী কৰা অনুসৰি এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ এলাকাত ভূমিকম্পৰ স্বয়ংক্ৰিয়ভাৱে আগতীয়াকৈ সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিব।
এই সুবিধা উপলব্ধ হ’ব এণ্ড্ৰইড-৫ আৰু অপাৰেটিং চিষ্টেমৰ পৰৱৰ্তী সংস্কৰণসমূহত। এই এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত আছে এক্সেলেৰোমিটাৰ। যিয়ে ছিচমোমিটাৰ হিচাপে কাম কৰিব।
গুগলে তেওঁলোকৰ ব্লগত দাবী কৰিছে যে, ইণ্টাৰনেট বাৰ্তাৰ গতি পোহৰৰ গতিৰ সমান। কম্পনৰ বেগ তাতকৈ বহুত কম। ফলস্বৰূপে, ভূমিকম্পৰ অহাৰ পূৰ্বেই এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে ভূমিকম্পৰ আগতীয়া সতৰ্কবাণী পাব।
ভাৰতত প্ৰথমবাৰৰ বাবে এই সেৱা আৰম্ভ কৰা হৈছে যদিও বিশ্বৰ আন বহু দেশত এই সেৱা উপলব্ধ হৈ আছে।
উল্লেখ্য যে, গুগলে ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত ইয়াৰ যাত্ৰা আৰম্ভ কৰিছিল। কেলিফৰ্নিয়াৰ এটা সৰু গেৰেজত লেৰী পেজ আৰু চেৰ্গি ব্ৰিনে এটা সাধাৰণ কম্পিউটাৰ লৈ এই যাত্ৰা আৰম্ভ কৰিছিল।
ইয়াৰ সমান্তৰালকৈ গুগলে সময়ৰ সৈতে নিজকে সলনি কৰিছে। বহু আকৰ্ষণীয় সুবিধা ইয়াত সন্নিৱিষ্ট কৰিছে। আজিৰ পৃথিৱীত মানুহে যি বিচাৰিছে গুগলে সেয়াই দিবলৈ সক্ষম হৈছে। মানুহে যি ভাবিছে যি চিন্তা কৰিছে গুগলে তাকেই যোগান ধৰিছে।
Discussion about this post