সৰ্থেবাৰীৰ (Sarthebari) নামশালাত (Namsala) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো। দ্ৰুতবেগী i20 বাহনে একেলগে ৪খন বাইকক মাৰে খুন্দা (i20 Car And Four Bike Colided)। ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয় ৩জন বাইক আৰোহীয়ে (3 Bike Riders Died)। দুৰ্ঘটনাটোৰ ফলত আন ৫ গৰাকী পথচাৰী গুৰুতৰভাবে আহত হয় (5 Person Injured)। আহত লোককেইগৰাকীৰ ভিতৰত আছে এগৰাকী মহিলাও।
দুৰ্ঘটনাটোত নিহত ৩জন বাইক আৰোহীৰ নাম ক্ৰমে নামশালাৰ প্ৰণব ভূঞা, চিত্ত ভূঞা আৰু কাৰাকুছিৰ বিশিষ্ট ব্যৱসায়ী হৰগোবিন্দ ডেকা। আনহাতে আহত লোককেইগৰাকীৰ নাম হ’ল- হৰবল্লভ ভূঞা, হৰেকৃষ্ণ ভূঞা, সুৰজিত ডেকা, মনজিৎ ভূঞা আৰু গীতুমণি ভূঞা। আহক লোককেইগৰাকীক সংকটজনক অৱস্থাত নলবাৰীলৈ প্ৰেৰণ কৰা হয়। ইয়াৰে গীতুমণি ভূঞাৰ অৱস্থা যথেষ্ট সংকটজনক।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাস্থলীত উপস্থিত ক্ষুব্ধ লোকে দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনেই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে।
জানিব পৰা মতে, চাৰিচকীয়া বাহনখন নলবাৰীৰ (Nalbari) দিশৰ পৰা গৈ আছিল। আৰু দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকৰ লগতে বাহনখনৰ আৰোহীয়ো ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
Photo & Input: কমল ডেকা
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-road-accident-truck-and-scooty-colided-at-guwahati/9030/
Discussion about this post