জামুগুৰি আৰক্ষী (Jamuguri Police) থানাৰ অন্তৰ্গত মংগলবৰীয়াত বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) ৷ ঘটনাৰ বিৱৰণী অনুসৰি সন্ধিয়া মংগলবৰীয়া ব্যৱসায়ীক কেন্দ্ৰত ৰখাই থোৱা এখন হোনডা আই টেন গাড়ীত এখন বালি ভৰ্তি টেক্টৰে প্ৰচণ্ড জোৰত খুন্দা মৰাত হোনডা আই টেন গাড়ীখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ৷
আনহাতে হোনডা আই টেন গাড়ীখন খুন্দিয়াই টেক্টৰখন এৰি পলায়ন কৰে সুৰামত্ত চালক হেণ্ডিমেনে ৷ ইতিমধ্যে জামুগুৰি আৰক্ষী (Jamuguri Police) ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও ঘটনা সংঘটিত কৰা টেক্টৰখনৰ নম্বৰ বিহীন বুলি জানিব পৰা গৈছে ৷
ইফালে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোনডা আই টেন গাড়ীখনৰ নম্বৰ হৈছে AS 12V 0575 ৷ দুৰ্ঘটনাৰ সময়ত গাড়ীখনৰ চালক বাহিৰত থকা বাবেই কথমপি প্ৰাণৰক্ষা পৰে গৰাকীৰ লগতে এটা কণমানি শিশুৰ ৷ টেক্টৰখনৰ চালকে অতিমাত্ৰা সুৰা সেৱন কৰি গাড়ী চলোৱা বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷
Photo & Input: প্ৰাঞ্জল বৰুৱা
Discussion about this post