নলবাৰীত (Nalbari) সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত (Horrific Road Accident) একেদিনাই ৫ জনকৈ কৰ্মচাৰীক হেৰুৱালে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বাটৰহাট থকা এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে (Private Hospital Employees)।
কিছুদিন পূৰ্বে মুকলি হোৱা ‘লাইফ চেভ হস্পিটেল’ নামৰ এই চিকিৎসালয়খনত কৰ্মৰত আছিল বৃহস্পতিবাৰে নলবাৰীৰ (Nalbari) বানেকুছিত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৫জন যুৱক (5 Man Died)।
দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজন তামুলপুৰৰ কেকেৰিকুছি গাঁৱৰ উৎপল শালৈ আৰু প্ৰণৱ হালৈ, মঙলদৈৰ বানেকুছি গাঁৱৰ অজিত চহৰীয়া, সোণাপুৰৰ শংকৰ দাস, হাজোৰ দলৈতোলাৰ জাহিদুৰ ৰহমান।
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-4-man-died-at-nalbari-in-assam-3/12606/
উল্লেখ্য যে হাউলীৰ পৰা ৰাস (Raas Mahotsav) চাই উভতি অহাৰ পথতে বানেকুছিত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ৰেলিঙত (Ertiga Car Colided With Bridge Railing) খুন্দা মাৰিছিল আৰ্টিগা বাহনখনে। সেই বাহনখনতে আছিল চিকিৎসালয়খনত কৰ্মৰত আঠজনীয়া যুৱকৰ দল এটা।
দলটোত আছিল ৰঙিয়াৰ সমীপৰ কেকেৰিকুছি গাঁৱৰ উৎপল শালৈ আৰু প্ৰণৱ হালৈ, মঙলদৈৰ বানেকুছি গাঁৱৰ অজিত চলিহা, সোণাপুৰৰ শংকৰ দাস, হাজোৰ দলৈতোলাৰ জাহিদুৰ ৰহমান আৰু বিজয়নগৰৰ অভিজিৎ কলিতা, সীমান্ত গগৈ, ইয়াজুৰ ৰহমান।
এই দুৰ্ঘটনাত নিহত ৫ সহকৰ্মীক শ্ৰদ্ধাঞ্জলি জনায় ‘লাইফ চেভ হাস্পতাল’ৰ কৰ্তৃপক্ষৰ লগতে কৰ্মচাৰীসকলে।
Photo & Input: Khatang Khobor
Discussion about this post