বাক্সাৰ শালবাৰীৰ (Baksa Salbari) খাৰিজা বিজনীৰ বাৰাপেটা নেপালীবস্তীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)৷ নিয়ন্ত্ৰণ হেৰুৱাই তিনি আৰোহীসহ দ’ খাৱৈত সোমাল বেলেন’ বাহন (Baleno Car Accident)। বাক্সাৰ চুক্ৰুবাৰীৰ পৰা বৰপেটাৰোড অভিমুখে গৈ আছিল বাহনখন ৷ তেনে সময়তেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা দ’ খাৱৈত (Baleno Car Drown In Ditch) সোমাই যায় বাহনখন৷
তাৰ পিছতেই খাৱৈটোত প্ৰায় সম্পূৰ্ণৰূপে ডুব যায় বাহনখন ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাহনখনত থকা তিনি আৰোহী ৷ অৱশেষত স্থানীয় লাৱদাংগুৰী আৰক্ষী (Labdanguri Police) আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয় বাহনখন ৷ এখন JCB বাহনেৰে টানি দ’ খাৱৈৰ পৰা উদ্ধাৰ কৰে বাহনখন। বাহনখন উদ্ধাৰ কৰি লাৱদাংগুৰী আৰক্ষী চকীলৈ লৈ যায় আৰক্ষীয়ে ৷
Photo: Khatang Khobor
Discussion about this post