শিৱসাগৰত ব্যৱসায়িক প্ৰতিষ্ঠান অবৈধ দখল প্ৰসংগকলৈ উত্তেজনা অব্যাহত। শিৱসাগৰ সদৰ থানাত দুই ব্যৱসায়ী নাৰায়ণ পাল আৰু গোবিন দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰতিষ্ঠানটোৰ প্ৰকৃত স্বত্ত্বাধিকাৰী ননী দেৱীৰ।
ভাড়া দিয়া দোকান অবৈধভাৱে দখল কৰাৰ লগতে প্ৰাণৰ প্ৰতি ভয় ভাবুকি অহাৰ অভিযোগ উল্লেখ কৰিছে এজাহাৰত। উল্লেখযোগ্য যে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সমীপত আছে ননী দেৱীৰ দুখন কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান।
দোকান দুখন বহু বছৰ পূৰ্বে ভাড়াত দিছিল নাৰায়ণ পাল আৰু গোবিন দত্তক। বিগত এবছৰে দোকান খালী কৰিবলৈ জাননী দিছিল মালিক পক্ষই। কিন্তু দোকান খালি কৰি নিদিয়াত বিধৱা মহিলাগৰাকীয়ে বীৰ লাচিত সেনাৰ সহায় বিচাৰিছিল।
সেই সূত্ৰে শনিবাৰে শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ এটা দলে দোকান ৪৮ ঘণ্টাৰ ভিতৰত খালি কৰিবলৈ হুংকাৰ দিছিল নাৰায়ণ পাল আৰু গোবিন দত্তক। ৪৮ ঘণ্টা অতিক্ৰম কৰাত শৃংখল চলিহাক লগত লৈ সদৰ থানাত এজাহাৰ দাখিল কৰে ননী দেৱীয়ে।
Photo & Input: ফৰিদ আলী আৰু পাৰচিচ আহমেদ
Discussion about this post