নলবাৰীত (Nalbari) আত্মহত্যা এগৰাকী কলেজীয়া ছাত্ৰীৰ (College Student Commited Suicide)। ছুইচাইড নোট (Suicide Note) লিখি আত্মহত্যাৰ পথ বাচি ল’লে নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে। অসম ভেলি একাডেমীৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীয়ে নিজৰ প্ৰেমিকক জগৰীয়া কৰি কৰিলে আত্মহত্যা।


‘মা মোক তুমি বেয়া নাপাবা। মই এই সিদ্ধান্ত ল’ব লগা হ’ল। মা মই জয়ন্তৰ কাৰণে বিহপান কৰিলো। জয়ন্ত আৰু মোৰ মাজত সদায় কাজিয়াৰ সৃষ্টি হয়। মই তাক বেয়া বস্তু খাবলৈ মানা কৰাৰ পিছতো সি সদায় খাই আৰু সি খাবলৈ মানা কৰিলে সি মোৰ লগত কাজিয়া কৰে। এতিয়া মই বিহ খোৱাৰ জগৰীয়া জয়ন্ত কলিতা। সি মোক মিছাতে সন্দেহ কৰি মোৰ মোবাইল ছিমখন লৈ গৈছে।’– ছুইচাইড নোটত (Suicide Note) এই কথাখিনি লিখি বিহপান কৰি আত্মহত্যা কৰিলে নলবাৰীৰ সুতাৰকুছিৰ ছাত্ৰীগৰাকীয়ে।

এই ঘটনাটোৰ পিছতে পৰিয়ালটোত কান্দোনৰ ৰোল। আত্মহত্যাৰ ঘটনাটোৰ পিছতে অঞ্চলটোত হুলস্থুল পৰিৱেশৰ সৃষ্টি।
Photo & Input: Khatang Khobor





























Discussion about this post