মাজবাটৰ অসম অৰুণাচল (Assam Arunachal) সীমান্তবৰ্তী আলাইশ্ৰী গাঁৱত (Alaisri Village) এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে। বজ্ৰ পৰি একেলগে কৰুণ মৃত্যুক সাৱটিলে দুগৰাকী কিশোৰীসহ এগৰাকী ৭ মাহৰ গৰ্ভৱতী মহিলাই (One Pregnant Women And Two Girl Died)। সোমবাৰে বিয়লি বজ্ৰপাতৰ (Lightning) ফলত মৃ্ত্যু ১৩ বছৰীয়া দুই কিশোৰীসহ এগৰাকী ৭ মহীয়া গৰ্ভৱতী মহিলাৰ।
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি একেটা ঘৰতে একেলগে আছিল আটাইকেইগৰাকী। কৰুণ মৃত্যুক সাৱটি লয় মনোমতী বসুমতাৰী (১৩), দুলাৰ বসুমতাৰী (১৩) আৰু ৰেখা দৈমাৰী (২০ বছৰ)। ইয়াৰে ৰেখা দৈমাৰী নামৰ মহিলাগৰাকী সাত মাহৰ গৰ্ভৱতী আছিল বুলি জানিব পৰা গৈছে। ঘৰটোৰ ভিতৰতে বজ্ৰ পৰি মৃত্যু হোৱাৰ পিছত স্থানীয় লোকে উদ্ধাৰ কৰে মৃতদেহকেইটা।
স্থানীয় লোকে জনোৱা অনুসৰি চুবুৰীয়া আছিল তিনিও। বৰষুণ দিয়াৰ বাবে তিনিও একেটা ঘৰতে আছিল সেই সময়ত।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/news/salute-oc-and-constable-died-for-flood-in-assam/9884/
Discussion about this post