মহানগৰীৰ (Guwahati) পল্টনবজাৰত (Paltan Bazaar) শনিবাৰে সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা (Police Beaten Bike Rider)। য’ত এগৰাকী বাইক আৰোহীক নিৰ্মমভাবে প্ৰহাৰ কৰিছিল যান-বাহন আৰক্ষীয়ে (Paltan Bazar Traffic Police)। বাইক আৰোহীৰ লগত আছিল এগৰাকী মহিলা আৰু এটি কণমানি শিশুও।
এই মাৰপিটৰ ঘটনাৰ লগত জড়িত ট্ৰেফিক আৰক্ষী (Traffic Police) ফকৰুদ্দিন আহমেদক তৎকালীনভাবে নিলম্বন কৰাৰ লগতে পল্টন বজাৰ থানাৰ যান-বাহন আৰক্ষীৰ ইনচাৰ্জক ৰিজাৰ্ভ ক্ল’জ কৰা হয়। কিন্তু আন ৫জন জোৱানৰ বিৰুদ্ধে এতিয়াও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
Video-
পল্টন বজাৰ যান-বাহন আৰক্ষীৰ এই উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছিল শনিবাৰে দুপৰীয়া। দৃশ্যত খুব স্পষ্টকৈ দেখিব পৰা গৈছিল আটাইকেইজনৰ চেহেৰা।
ইফালে পাৰ্ছনেল বণ্ডত জামিন মঞ্জুৰ বিকি প্ৰসাদ গুপ্তাৰ। কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰে বিকি গুপ্তাৰ। থানাৰ OC আৰু IO উপস্থিত আছিল আদালতত। আৰক্ষীয়ে দোষ স্বীকাৰ কৰিছে আদালতত। ঘটনাত জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। আন ৫ গৰাকী আৰক্ষীকো চমন দিয়া হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪, ৩২৫, ৩৫৩, ৩৪১ ধাৰাত কাৰদণ্ড বিহা হৈছিল বিকিক। পূৰ্বে বিকি গুপ্তা জে’ললৈ যোৱাৰ কথা খণ্ডন কৰিছে পত্নীয়ে। পল্টন বজাৰ আৰক্ষীয়ে ফাইনেল ৰিপ’ৰ্ট দাখিল কৰিলে দোষমুক্ত হ’ব বিকি গুপ্তা।
Photo: Khatang Khobor
Discussion about this post