ঘোষণা কৰা হ’ল ৮ম ৰাজ্যিক চলচ্চিত্ৰ বঁটা। শুকুৰবাৰে অসম চৰকাৰে ঘোষণা কৰিলে ২০১৮ আৰু ২০১৯ বৰ্ষৰ বঁটা। সেই অনুসৰি ২০১৮ বৰ্ষৰ বাৰে শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা কৰে লাভ বুলবুল কেন চিঙ নামৰ চিনেমাখনে। বুলবুল কেন চিঙ ছবিৰ বাবে ব্ৰজেন বৰুৱা শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰে পৰিচালক ৰীমা দাসে। খঞ্জন কিশোৰ দাসলৈ চোৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ আব্দুল মজিদ বঁটা প্ৰদান কৰা হয়। ভৱেন্দ্ৰ নাথ শইকীয়া শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা কানীন ছবিখনৰ বাবে মঞ্জুল বৰুৱালৈ আগবঢ়োৱা হৈছে। নলিন দুৱাৰা শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী বঁটা আমৃত্যু ছবিৰ বাবে অৰূপ মান্নালৈ। ভগা খিৰিকীৰ বাবে ভবেন দাস শ্ৰেষ্ঠ সম্পাদনা বঁটা হিউ এন বৰুৱালৈ আগবঢ়োৱা হৈছে। চোৰ আৰু শৈশৱতে ধেমালীতে ছবি দুখনৰ বাবে অনুৰাগ শইকীয়াই লাভ কৰিছে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা। ছাচপেণ্ডেড ইন্সপেক্টৰ বড়ো ছবিখনৰ বাবে উতকল হাজোৱাৰীলৈ শ্ৰেষ্ঠ অভিনেতা বঁটা আগবঢ়োৱাৰ লগতে কানীন ছবিখনৰ বাবে ডাঃ জাহানাৰা বেগম আৰু নিজানৰ গান ছবিখনৰ বাবে অমৃতা গগৈলৈ শ্ৰেষ্ঠা অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা আগবঢ়োৱা হৈছে। বুলবুল কেন চিং ছবিখনৰ বাবে মনোৰঞ্জন দাসলৈ বিজু ফুকন শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা আৰু অৰ্নালী দাসলৈ বিদ্যুত চক্ৰৱৰ্তী শ্ৰেষ্ঠা নৱাগতা অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হৈছে। ২০১৮ বৰ্ষৰ বিজয় শংকৰ শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বঁটা ৰক্তবীজলৈ।
তদুপৰি ২০১৯ বৰ্ষৰ বাবে শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা লাভ কৰে জোনাকী পৰুৱা-ফায়াৰফ্লাই ছবিখনে। আমিস ছবিৰ বাবে ব্ৰজেন বৰুৱা শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ ভাস্কৰ হাজৰিকাৰ। অনুপম কৌশিক বৰালৈ বৰনদী ভটিয়াই ছবিখনৰ বাবে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ আব্দুল মজিদ বঁটা প্ৰদান কৰা হৈছে। ভৱেন্দ্ৰ নাথ শইকীয়া শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা আমিস ছবিখনৰ বাবে ভাস্কৰ হাজৰিকালৈ আগবঢ়োৱা হৈছে। নলিন দুৱাৰা শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী বঁটা ৰত্নাকৰ ছবিৰ বাবে প্ৰদীপ দৈমাৰীলৈ। ৰত্নাকৰৰ বাবে ভবেন দাস শ্ৰেষ্ঠ সম্পাদনা বঁটা প্ৰতীম খাউণ্ডলৈ । জোনাকী পৰুৱাৰ বাবে তৰালী শৰ্মালৈ আৰু আমিসৰ বাবে কুৱান বেলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা। জোনাকী পৰুৱা ছবিখনৰ বাবে বেঞ্জামিন দৈমাৰীলৈ শ্ৰেষ্ঠ অভিনেতা বঁটা। আমিস ছবিখনৰ বাবে লিমা দাসলৈ শ্ৰেষ্ঠা অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা। পখিলাৰ পাখি ছবিখনৰ বাবে জিতুমনি কলিতালৈ লৈ বিজু ফুকন শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা । বৰনদী ভটিয়ায় ছবিখনৰ বাবে ডৰথী ভৰদ্বাজলৈ বিদ্যুত চক্ৰৱৰ্তী শ্ৰেষ্ঠা নৱাগতা অভিনেত্ৰীৰ বঁটা। বিজয় শংকৰ শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বঁটা ৰত্নাকৰলৈ।
Photo: Khatang Khobor
Discussion about this post