ঋণত পোত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ! ঋণ লৈ আনন্দ কৰিছে অসম চৰকাৰে! এয়া চৰকাৰৰ বিৰুদ্ধে সাধাৰণ অভিযোগ বিৰোধী ৰাজনৈতি দল সংগঠনৰ।
অসম বিধান সভাৰ মজিয়াতো মঙলবাৰে চৰকাৰে লোৱা ঋণৰ প্ৰসংগ। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ঋণৰ প্ৰসংগৰে সমালোচনা কৰে চৰকাৰক। পিছে বিধায়ক অখিল গগৈৰ এই অভিযোগ-সমালোচনাৰ প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika)।
অখিল গগৈক প্ৰত্যাক্ৰমণ কৰি মন্ত্ৰী হাজৰিকাই ক’লে,ঋণ লোৱাৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে মনা ৰাজ্য কেৰালাহে।দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত নাম নাই অসমৰ।
বিধায়ক অখিল গগৈক উভতি ধৰি মন্ত্ৰী হাজৰীকাই কয় যে, দেশত ঋণ লোৱাৰ শীৰ্ষত আছে কেৰালা, পঞ্জাৱ, পশ্চিম বংগৰ দৰে ৰাজ্য। ঋণ লোৱাৰ তালিকাত অসম বহুত পিছুৱাই আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
চৰকাৰে জধে-মধে ঋণ লৈছে বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে এফআৰবিএম এক্ট আৰু আৰবিআই গাইডলাইন মতেহে ঋণ লৈ আছে।
নিয়ম মতে অসম চৰকাৰে প্ৰত্যেক বছৰে যিমান ঋণ ল’ব পাৰে আজিলৈকে সিমান পৰিমাণৰ ঋণ লোৱাই নাই। এনেবোৰ নিয়মৰ কথা বিধায়ক অখিল গগৈয়ে জানিও নজনাৰ ভাও ধৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
এফালে চৰকাৰে ঋণ লোৱা কাৰ্যৰ প্ৰতিবাদ কৰে আনফালে আকৌ ঋণৰ টকাৰেই সমষ্টিৰ উন্নয়নো বিচাৰে অখিল গগৈয়ে। আন বিধায়কসকলে যিকোনো ধৰণৰ উন্নয়নৰ বাবে দহ লাখ পালে অখিল গগৈয়ে ২০ লাখ বিচাৰে বুলিও কটাক্ষ মন্ত্ৰী হাজৰিকাৰ।
Photo: Google
Discussion about this post