বটদ্ৰৱা সমষ্টিত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ প্ৰায় ২০ কোটি টকা কাৰ জেপত? প্ৰধান শিক্ষকক অন্ধকাৰত ৰাখি কোনে চলাইছে লুণ্ঠন? তিনি বছৰে নিৰ্মাণ নহ’ল বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা আৰু শৌচাগাৰ।
দুৰ্নীতিত নাম সাঙোৰ আঙুৰলতা ডেকা, স্বামী আকাশ দ্বীপ ডেকাসহ বিজেপিৰ কেইবাজনো নেতা-পালিনেতাৰ।
বটদ্ৰৱাত সত্ৰ নামঘৰৰ নামত আৱণ্টিত ধন আত্মসাৎ অভিযোগ প্ৰতিঅভিযোগৰ প্ৰতিক্ৰিয়া মাৰ নোযাওতেই পুনৰ পোহৰলৈ আহিছে আন এক চাঞ্চ্যলকৰ ভয়ংকৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ ঘটনা ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান তথা সন্মানীয় ৮৪নং বটদ্ৰৱা সমষ্টিত আচলতে চলিছে কি? বটদ্ৰৱা সমষ্টিত কোনে কোনে চলাইছে লুণ্ঠনৰাজ ? কিয় তিনি বছৰে নিৰ্মাণ নহ’ল বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা, শৌচাগাৰ ? কাৰ পকেটত আছে MSDP আচঁনিৰ নামত আৱণ্টিত প্ৰায় ২০ কোটি টকা ?
এখন দুখন নহয়, বটদ্ৰৱা সমষ্টিৰ প্ৰায় অধিকাংশ বিদ্যালয়ৰ কাহিনী এয়া। সেয়া আছিল ২০১৬ চনৰ কথা। আঙুৰলতা ডেকা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা নিৰ্বাচিত হৈয়েই সমষ্টিৰটোৰ বহু সংখ্যাক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ নামত MSDP আচঁনিৰ অধীনত ধৰিছিল কোটি কোটি টকাৰ কাম।
সেই মতেই ২০১৮-২০১৯ বৰ্ষত চৰকাৰৰ পৰা আৱণ্টিত হ’ল কেইবাকোটি টকা। আৰু আজি তিনিটা বছৰ পিছত পোহৰলৈ আহিছে এই আচঁনিত সংঘটিত দুৰ্নীতিৰ ভয়ংকৰ তথ্য।
বিদ্যালয়ৰ অতিৰিক্ত শ্ৰণীকোঠা, শৌচাগাৰ নিৰ্মাণ কমিটিৰ বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী তথা অভিনেতা আকাশ দ্বীপ ডেকাই এই আচনিৰ নামত দুৰ্নীতিৰ বৃহৎ জাল মেলাৰ সন্দেহ ৰাইজ আৰু বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ।
নাম সাঙোৰ খাইছে বটদ্ৰৱা বটদ্ৰৱা উন্নয়ন খণ্ডৰ অভিযন্তাৰ নামো। এই বৃহৎ কেলেংকাৰীৰ ঘটনাত ইতিমধ্যে সন্দেহৰ আঙুলি উঠিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ প্ৰতিও।
কিয়নো আঙুৰলতা ডেকা বিধায়িকা হৈ থকাৰ সময়তেই আৱণ্টিত হৈছিল এই আচঁনিৰ ধন। অকল আঙুৰলতা ডেকা আৰু স্বামী আকাশ দ্বীপ ডেকাই নহয়, এই দুৰ্নীতিত নাম সাঙোৰ খাইছে বিজেপিৰ বটদ্ৰৱা সমষ্টিৰ কেইবাজনো নেতা-পালিনেতাৰ ।
২০১৮-২০১৯ বৰ্ষত প্ৰয়োজনীয় অপ্ৰয়োজনীয় বহু বিদ্যালয়ৰ নামত আৱণ্টিত হৈছিল কোটি কোটি টকা। কিন্তু এই আচঁনিৰ সন্দৰ্ভত অতি ৰহস্যজনকভাৱে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি কাম নকৰাকৈ ধন আত্মসাতৰ অভিযোগ সমষ্টিবাসীৰ মুখে মুখে।
তাতোকৈ আচৰিত ঘটনা, অধিকাংশ বিদ্যালয়ৰ নিৰ্মাণ সমিতিৰ সদস্য সচিব প্ৰাক্তন বিধায়িকাৰ স্বামী আকাশদ্বীপ ডেকা । আন কেইবাখনো সমিতিত আছে আঙুৰলতাৰ আৰু আকাশদ্বীপৰ সোঁ-বাঁওে তথা আঙুৰলতাৰ ঘনিষ্ঠ নেতা-পালিনেতাৰ নাম ।
আজি তিনিটা বছৰে কোনো এখন বিদ্যালয় কৰ্তৃপক্ষই নাজানে নিজ নিজ বিদ্যালয়ৰ নামত আৱণ্টিত আচঁনি আৰু আচঁনিৰ ধনৰ কথা । দুই এখন বিদ্যালয়ত নাম মাত্ৰ কাম কৰিছে যদিও অধিকাংশ বিদ্যালয়ত কাম ON-GOING দেখুৱাই ধন আদায় কৰিছে যদিও কামৰ নামত ইটা এচটাও পৰা নাই ।
সমষ্টি বাসীক অন্ধকাৰত ৰাখি অতি সংঘটিত কৰা এনে ভয়ংকৰ কেলেংকাৰীৰ ঘটনাই এতিয়া আচৰিত কৰি তুলিছে সকলোকে।
সততে শূণ্য সহনশীলতাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক’ব বটদ্ৰৱাৰ এই দুৰ্নীতি সন্দৰ্ভত, কি ব্যৱস্থা গ্ৰহণ কৰিব আঙুৰলতা, আকাশদ্বীপসহ বিজেপিৰ সাংগু-পাংগুৰ বিৰুদ্ধে।
এই সমগ্র ঘটনা সন্দৰ্ভত ইতিমধ্যে সমষ্টিবাসী ৰাইজ আৰু বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে উচিত তদন্ত ক্ৰমে দোষীৰ উপযুক্ত শাস্তি বিচাৰিছে।
মুঠৰ ওপৰত এই বৃহৎ কেলেংকাৰীত পুঠি খলিহনাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ বৰালী লৈকে যে জড়িত আছে সেয়া সঠিক তদন্তত ওলাই পৰিব ।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post