এক কৰুণ প্ৰেম কাহিনী! যিটো সময়ত দিল্লীৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশতে তোল-পাৰ লগাইছে সেই সময়তে আন এক সঁচা প্ৰেমৰ প্ৰেমৰ কাহিনীয়ে (True Love Case) ৰাজ্যৰ প্ৰতিগৰাকী লোকৰে মন ব্যাকুল কৰি তুলিছে।
এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল দুয়ো। হাতত হাত থৈ জীৱনৰ পথত খোজ দিয়াৰ আশাবোৰ পুহি ৰাখিছিল বুকুত। দুয়ো মিলি এক হৈ এখন সুন্দৰ ঘৰ সজাৰ হেঁপাহ সাঁচি ৰাখিছিল মনত। কিন্তু নিষ্ঠুৰ নিয়তিয়ে সেয়া হ’বলৈ নিদিলে। আশাবোৰ বুকুত বান্ধিয়ে অজান মুলুকলৈ গুচি গ’ল প্ৰাৰ্থনা।
কিন্তু তেওঁলোক দুয়োৰে প্ৰেম ইমানেই গভীৰ আৰু পৱিত্ৰ আছিল যে মৃত্যুৰ পিছতো শিৰত সেন্দুৰ দি প্ৰেমিকে বিদায় দিলে প্ৰমিকাক। এই ঘটনা অসমতে সংঘটিত হৈছে। শুকুৰবাৰে ৰহাৰ (Raha) চাপৰমুখৰ (Chaparmukh) কচুৱাত (Kachua) ঘটা এই ঘটনাই চকু সেমেকাই তুলিব আপোনাৰো। মৃত্যুৰ পিছত প্ৰেমিকে পূৰণ কৰিলে প্ৰেয়সীৰ আশা। মৃত প্ৰেমিকাৰ কপালত প্ৰেমিক বিতোপন তামুলীয়ে পিন্ধাই দিলে সেন্দুৰ। দৰাচলতে ৰহাৰ চাপৰমুখ কচুৱাৰ প্ৰাৰ্থনা বৰা নামৰ এগৰাকী যুৱতীয়ে এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ।
কিন্তু শুকুৰবাৰে দুৰাৰোগ্য ৰোগৰ লগত যুজ দি হাৰ মানিলে প্ৰাৰ্থনাই। আধৰুৱা সপোনবোৰ বুকুত বান্ধি কেতিয়াও ঘূৰি নহা পথেৰে গুচি গ’ল প্ৰাৰ্থনা। আৰু তাৰ পিছতেই প্ৰেমিক বিতোপন তামুলীয়ে প্ৰাৰ্থনাৰ নিথৰ দেহৰ কাষত বহি প্ৰাৰ্থনাৰ শিৰত সেন্দুৰ দিয়ে আৰু ডিঙিত মালা পিন্ধাই। প্ৰাৰ্থনাৰ মৃতদেহৰ সন্মুখতে নিজেও পিন্ধি মালা পিন্ধি বিবাহ সম্পন্ন কৰে। ঘটনাটো দেখি তাত উপস্থিত থকা সকলোৰে চকু সেমেকাই তুলে।
Photo & Input: Khatang Khobor





























Discussion about this post