বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই (RajKanya Baruah) গুৱাহাটী মহানগৰীৰ (Guwahati) ৰাজপথত সংঘটিত কৰা ভয়ংকৰ পথ দুৰ্ঘটনাটোত দুয়োখন ভৰি হেৰুওৱা দুৰ্ভগীয়া শ্ৰমিক যোছেফ মাৰাকে শেষ নিশ্বাস ত্যাগ কৰে।
১ অক্টোবৰৰ নিশাৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (GMCH) চিকিৎসাধীন হৈ থকা মাৰাকে আজি মৃত্যুক সাৱটি লয় বুলি জানিব পৰা গৈছে। বুধবাৰে পুৱাৰ ভাগত GMCHত মৃত্যু হয় যোচেফ মাৰাকৰ।
উল্লেখ্য ১ অক্টোবৰৰ মাজনিশা গুৱাহাটীৰ (Guwahati) ৰুক্মিণী গাঁৱৰ ৰাজপথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। দুৰ্ঘটনাটোত মডেল ৰাজকন্যা বৰুৱাই (RajKanya Baruah) সুৰামত্ত অৱস্থাত গাড়ী চলাই মহটিয়াই নিছিল ৮জনকৈ শ্ৰমিকক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল আটাইকেইজন শ্ৰমিক। ঘটনাস্থলীতে ছিঙি গৈছিল যোছেফ মাৰাক নামৰ শ্ৰমিকৰ ভৰি। পাছলৈ চিকিৎসালয়ত আনখন ভৰিও কাটিবলগীয়া হৈছিল।
তেতিয়াৰে পৰা মৃত্যুৰ সময়লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে চিকিৎসাধীন হৈ আছিল যোছেফ।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/dhakuakhana-women-boycott-from-village/4319/
Discussion about this post