বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছতে মন্ত্ৰী পিয়ুষ হাজৰিকাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈক। ডাঙৰ মানুহৰ সৈতে ফিটিং নাথাকিলে কেনেকৈ কাৰাগাৰৰ পৰিৱৰ্তে GMCHত আছিল অখিল গগৈ। লগতে অখিল গগৈক কটাক্ষ কৰি পিয়ুষ হাজৰিকাই কয় যে,GMCHৰ চিকিৎসকেও হেনো অখিল গগৈক ভয় কৰে।
‘অখিল গগৈ যদি ইমানেই অসুস্থ আছিল, কেনেদৰে কাৰাগাৰৰ পৰা আৰু চিকিৎসালয়ৰ পৰা মুকলি হ’ল- সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈৰ বিৰুদ্ধে সমালোচনামূলক মন্তব্য প্ৰদান কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।
ইফালে অখিল গগৈৰ বিৰুদ্ধে ৫টা মহাভিযোগ আনিছে মন্ত্ৰী পিয়ুষ হাজৰিকাই-
অভিযোগ ১- অখিল গগৈয়ে আৰম্ভ কৰিছে বিহাৰ-উত্তৰ প্ৰদেশৰ ষ্টাইল।
অভিযোগ ২- ক’ৰবাত ডাঙৰ ফিটিং দি জেলৰ পৰিৱৰ্তে GMCHত আছিল অখিল।
অভিযোগ ৩- অখিলৰ জয়ৰ আঁৰত আছে ডাঙৰ কাহিনী।
অভিযোগ ৪- সংবাদ মাধ্যমক দম দিবলৈ আৰম্ভ কৰিছে অখিলে।
অভিযোগ ৫- আবণ্টন নোপোৱাকৈয়ে বিধায়ক আৱাসৰ কোৱাৰ্টাৰ দখল কৰিছিল অখিলে।
মন্ত্ৰী পিয়ুষ হাজৰিকাই অখিলৰ বিৰুদ্ধে কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয় যে- ‘পিয়ুষ হাজৰিকাৰ প্ৰশ্নৰ উত্তৰ দিয়াটো প্ৰয়োজন জানো। পিয়ুষ হাজৰিকা কোন আপোনালোকেটো জানেই? তেনেকুৱা মানুহৰ প্ৰশ্নৰ উত্তৰ দিয়াটো উচিত নহ’ব।
Photo: Khatang Khobor





























Discussion about this post