ছচিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট কৰি ক্ষমা খুজিলে তথাকথিত উদীয়মান লেখক তথা কবি মহিবুল মণ্ডলে। কেইদিনমান পূৰ্বে সামাজিক মাধ্যমত এটা বিতৰ্কিত পোষ্ট কৰিছিল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তথাকথিত লেখকগৰাকীয়ে।
কি লিখা আছিল পোষ্টটোত…
‘শিৱলিংগত হুইস্কি ঢালি
ৰামভক্তই কৰিছে ককটেইল ৰাজনীতি
মাতাল ভক্তই ত্ৰিশূলত পালতৰা তুলি
বিদ্বেষী নৈৰ বৰশী থয় টপাটপে গিলি।।
মিয়াঁক কণ্ডোম পিন্ধাই
জাতি-জনগোষ্ঠীক জনবিস্ফোৰণৰ
উদ্গনি যোগায়,
মাতাল ভক্তই ব্ৰহ্মপুত্ৰত
বংঙ্গীয় নাওৰ নঙ্গৰ বিচাৰি যায়।।
ত্ৰিশূলত গো ৰক্ত ঢালি
ৰামভক্তই কৰিছে ককটেইল ৰাজনীতি
মাতাল ভক্তই তাকে শুনি
জাতপাত ধৰি পাৰে গালি।।
এই পোষ্টটোৱে বিশেষ এটা ধৰ্মক আঘাত কৰিছিল। কিন্তু ছচিয়েল মিডিয়াত এই কবিতাটো ভাইৰেল হৈ পৰাৰ পিছতে সেই কথা উপলব্ধি কৰিব পাৰি মহিবুল মণ্ডলে নিজৰ একাউণ্টৰ পৰা পোষ্টটো ডিলিট কৰিছিল ।
পোষ্টটো ডিলিট কৰি তেওঁ সামাজিক মাধ্যমত বিশেষ ধৰ্মৰ লোক সকলোৰে পৰা ক্ষমা বিচাৰে।
আজি সংবাদমেলৰ জৰিয়তে সেই বিশেষ ধৰ্মৰ লোকৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰে আৰু যিসকলে পোষ্টটোক লৈ সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিব খুজিছে তেওঁলোকক পোষ্টক লৈ বিতৰ্ক নকৰিবলৈ অনুৰোধ জনায়।
Photo: Facebook
Discussion about this post