দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ APDCLৰ অধীনত থকা গোটাবাৰী গাঁও পঞ্চায়তৰ তাতিপাৰা গাৱঁৰ বিদ্যুৎ গ্ৰাহকক নতুনকৈ ট্ৰাঞ্চফৰ্মাৰ প্ৰদানৰ নামত বৃহৎ অংকৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
অভিযোগ অনুসৰি চলিত বছৰৰ জানুৱাৰী মাহত তাতিপাৰা গাঁৱৰ প্ৰায় ৮০জন গ্ৰাহকক বিদ্যুৎ যোগান দিয়া ট্ৰাঞ্চফৰ্মাৰটো বিকল হৈ পৰে যাৰ বাবে মানকাচৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী শাইজুদ্দিনক ট্ৰাঞ্চফৰ্মাৰটো মেৰামতি কৰিবলৈ মাতি আনে ৷
কিন্তু বিদ্যুৎ বিভাগৰ চতুৰ কৰ্মচাৰী শাইজুদ্দিনে ট্ৰাঞ্চফৰ্মাৰটো ঠিক নহয় বুলি কৈ নতুন ট্ৰাঞ্চফৰ্মাৰ দিয়াৰ নামত গ্ৰাহক সকলৰ পৰা ৬০ হাজাৰ টকা বিচাৰে ৷
গ্ৰাহকসকলে উপায়ন্তৰ হৈ সকলো গ্ৰাহকৰ পৰা চান্দা তুলি শাইজুদ্দিন নামৰ কৰ্মচাৰীজনক ৪০ হাজাৰ টকা নগদ টকা দিয়ে আৰু বাকী টকা বিদ্যুৎ সংযোগ হোৱাৰ পিছত দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷
টকা লোৱাৰ প্ৰায় ৭ মাহ পাৰ হৈ যোৱাৰ পিছতো সেই ঠাইত কোনোধৰণৰ ট্ৰাঞ্চফৰ্মাৰ দিয়া নাই শাইজুদ্দিন নামৰ বিদ্যুৎ কৰ্মচাৰী জনে। যাৰ বাবে ক্ষোভিত হৈছে গ্ৰাহকসকল ৷
ইফালে বৰ্তমানে বিদ্যুৎ সংযোগ নথকা প্ৰতিজন গ্ৰাহকৰ ঘৰত ১০ৰ পৰা ১২ হাজাৰ টকাকৈ বিদ্যুতৰ বিল অহাত চিন্তিত হৈ পৰিছে গ্ৰাহকসকল ৷
বিনামূলীয়া বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ চৰকাৰৰ দিনত বিদ্যুতৰ ট্ৰাঞ্চফৰ্মাৰ দিয়াৰ নামত গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰা মানকাচৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী শাইজুদ্দিনৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয় ৷
Photo & Visual: তাৰিফুল ইছলাম
Discussion about this post