টকা দিলেই ষ্টেণ্ড কৰিব পাৰি মেট্ৰিকত। ধন দিলেই সকলো ‘ফিটিং’ কৰি দিব পাৰে বিদ্যালয়ৰ অধ্যক্ষই। আনকি টকা দি ‘মেনেজ’ কৰিব পাৰি ছেবা কাৰ্যালয়ৰ ডাটা এণ্ট্ৰী অ’পাৰেট’ৰকো!
এই অভিযোগ আমাৰ নহয়, বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ এগৰাকী শিক্ষাৰ্থীৰ। অভিলাষ শৰ্মা নামৰ ছাত্ৰ জনে ‘টুইট’ যোগে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ।
conversation as well. I'm just saying SEBA is rich in corruption. Thank you @himantabishwa sir, for taking such type of steps against corruption.(2/2)
— Abhilash Sarma 🇮🇳 (@ImAbhilashSarma) July 20, 2021
২০ জুলাইত এটা টুইটত অভিলাষ শৰ্মা নামৰ ছাত্ৰ জনে অভিযোগ উত্থাপন কৰি লিখিছে যে- “মই বিগত বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলো। আমাৰ স্কুলৰ অধ্যক্ষ ছাৰে মোৰ দেউতাৰ পৰা টকা বিচাৰিছিল আৰু কৈছিল যে মোক শীৰ্ষ দহটা স্থানৰ ভিতৰত ৰাখি দিব। কিন্তু মোৰ দেউতাই টকা দিয়া নাছিল। তেওঁ লগতে কৈছিল যে, তেওঁ ছেবা (SEBA)ৰ এগৰাকী ডাটা এন্ট্ৰী অ’পাৰেট’ৰৰ সহায় ল’ব। মোৰ ওচৰত সেই কথোপকথনৰ ৰেকৰ্ডিঙো আছে। মই এয়াই ক’ব বিচাৰিছো যে ছেবা ধনী হৈছে দুৰ্নীতিত। ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা ছাৰ, দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে।”
অভিলাষ শৰ্মা নামৰ গোলাঘাটৰ ছাত্ৰ জনে নিজে পঢ়ি অহা বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন কৰা এই গুৰুতৰ অভিযোগে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইতিমধ্যে টুইটটোৰ প্ৰত্যুত্তৰত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ছাত্ৰ জনৰ পৰা তথ্য বিচাৰিছে।
শেহতীয়াভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যত ব্যাপক কেলেংকাৰী হোৱাৰ ঘটনা পোহৰলৈ আহিছে।
ধনৰ লেন দেন কৰি মূল্যাংকণত হস্তক্ষেপ কৰাৰ গুৰুতৰ অপৰাধত ইতিমধ্যে এগৰাকী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ডাটা এন্ট্ৰী অ’পাৰেট’ৰ গ্ৰেপ্তাৰ হৈছে।
এগৰাকী শিক্ষা বিষয়াক শাস্তিমূলক বদলি কৰা হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে গোলাঘাটৰ ছাত্ৰ জনে টুইটযোগে কৰা এই গুৰুতৰ অভিযোগে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।
কিমান দ’লৈ শিপাই আছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ এই দুৰ্নীতি? কাৰ নেতৃত্বত চলিছে নম্বৰ কিনা বেচাৰ এই বেহা ?
Photo: Twitter
Discussion about this post