জামুগুৰিহাটৰ (Jamugurihat) ডেকাচুক গাঁৱত বিদ্যুৎ বিভাগৰ (Power Department) গাফিলতিৰ বাবে এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হয়। ৰাস্তাৰ দাঁতিত থকা খুঁটাৰ পৰা ছিগি পৰি থকা তাঁৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যুক সাৱটিলে এজন লোকে।
মৃত লোকজনৰ নাম দেবজিৎ নাথ। বহুদিন ধৰি সংকটজনকভাবে এনেদৰে পৰি আছিল তাঁৰডাল। ঘটনাটোৰ পিছতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল। কিন্তু ক্ষোভিত ৰাইজে ঘেৰাও কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু জামুগুৰি আৰক্ষীক (Jamuguri Police)। তাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি।
Photo & Input: প্ৰাঞ্জল বৰুৱা
Published By: Dulu Medhi





























Discussion about this post