লখিমপুৰৰ চিকিৎসালয়ত (Lakhimpur Hospital) সংঘটিত হৈছে এক আজৱ ঘটনা (Ajab Incident)। নিশা জন্ম দিছিল পুত্ৰ সন্তান, পুৱা কোলাত কন্যা সন্তান দেখি আচৰিক পিতৃ-মাতৃ। লখিমপুৰৰ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত সংঘটিত হৈছে এই আচৰিত ঘটনা ৷ ৰাতিৰ ভিতৰতে ল’ৰা শিশু সলনি হৈ হ’ল কন্যা শিশুলৈ ৷
শনিবাৰে লখিমপুৰ (Lakhimpur) মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত ঘাৰমৰাৰ এগৰাকী মাতৃয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান, কিন্তু পুৱা শুই উঠি দেখে মাতৃৰ কোলাত আছিল এটি কন্যা শিশু ৷ এই ঘটনাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
শিশু আৰু মাতৃ বিভাগত নৱজাতক শিশু সাল-সলনি হোৱাৰ অভিযোগ উত্থাপন কৰিছে নৱজাতকৰ পৰিয়ালে। শনিবাৰে লখিমপুৰৰ ঘাৰমৰাৰ ছায়ামণি দাস নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱাৰ পিছত জন্ম হৈছিল ল’ৰা সন্তানটোৰ।
চিকিৎসক আৰু নাৰ্ছৰ মতে প্ৰসূতিয়ে জন্ম দিছিল ল’ৰা সন্তান। কিন্তু সোমবাৰে পুৱা শিশুটিৰ কাপোৰ খোলোতেই আৰম্ভ হ’ল ৰহস্য। চিকিৎসক আৰু নাৰ্ছে জন্ম লাভ কৰা শিশুটি ল’ৰা বুলি পৰিয়ালক জনাই চমজাই দিয়াৰ পিছত পুৱা কন্যা সন্তান দেখি শিশু সালসলনি কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। এই ঘটনাক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন।
Photo & Input: গিৰিশ বৰুৱা
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-one-boy-died-at-hatigaon-in-guwahati/10058/
Discussion about this post