ক’ভিডৰ সময়ত বহু কেইজন সাংবাদিক মৃত্যুমুখত পৰিছে। কেইবাগৰাকীও ক’ভিডত আক্ৰান্ত হৈছে। এই সাংবাদিকসকলৰ বাবে বিশেষ কিবা আঁচনি গ্ৰহণ কৰিছে নেকি? সদনত বিধায়ক ৰূপক শৰ্মাৰ পোনপটীয়া প্ৰশ্ন উত্থাপন মন্ত্ৰী পিয়ুষ হাজৰিকালৈ?
মন্ত্ৰী পিয়ুষ হাজৰিকাই বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰ দি ক’লে যে, আমি সাংবাদিকসকলৰ সৈতে একেলগে আগবাঢ়ি খোজ দিব বিচাৰিছো। সমাজৰ কিছু বেয়া দিশ আতৰাবলৈ সাংবাদিকসকল আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। এই বিষয়টোক আমি যথেষ্ট গুৰুত্ব সহকাৰে লৈছো।
পূৰ্বৰ চৰকাৰত আমিয়েই কেইটামান নিয়ম আনিছিলো যে, সাংবাদিকসকলক পেঞ্চন দিব লাগে। চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছিল। পূৰ্বে ৮০০০ টকা পেঞ্চন দিছিলো। এতিয়া সেই পেঞ্চন ১০ হাজাৰ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
যিসকল সাংবাদিকৰ পৰিয়ালৰ বা তেওঁলোকৰে যদি বেমাৰ হয় তেওঁলোকে হাস্পতালত চিকিৎসা কৰাৰ পিছত Reimbursementৰ সুবিধা আছে। অৰ্থাৎ হাস্পতালত যিখিনি খৰচ হৈছে সেইখিনি তেওঁলোকে পাই যাব। কিন্তু পূৰ্বে কিছু কাৰিকৰী সুবিধাৰ বাবে সেইখিনি নিয়মীয়া কৰিব পৰা নাছিল।
Reimbursementৰ বৈঠকখন প্ৰতিমাহৰ ১০ তাৰিখে অনুষ্ঠিত হ’ব। প্ৰতিমাহেটো বৈঠক হ’বয়ে যদি সেইদিনা কোনো আৱেদন নাহে তেতিয়া আমি চাহ খাই বিদায় ল’ম।
সাংবাদিকৰ সন্তানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হ’লে, সেয়া ছেবাই হওক বা CBSEয়েই হওক সকলোৱে ৭৫ শতাংশ নম্বৰ পালে ৩০ ৰ পৰা ৫০ হাজাৰ টকা দিয়াৰ চিন্তা চৰ্চা কৰিছো।
Photo: Khatang Khobor





























Discussion about this post