সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীয়েও ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে (Happy Independence Day 2022)। দেশৰ অন্য প্ৰান্তৰ দৰেই অসমতো অতি ব্যাপকভাবে এইবাৰ উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) বিপৰীতে অন্যান্য জিলা সদৰত মন্ত্ৰীসকলে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা।
স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি দিয়া ভাষণত শেহতীয়াকৈ মঙলদৈত (Mangaldoi) সংঘটিত ঘটনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘যোৱা কেইদিনমান আগত টিভিত দেখা পাইছিলো যে এজন লোকে আন এটা সম্প্ৰদায়ৰ ছোৱালী এজনীক ২০ বছৰ পূৰ্বে বিয়া কৰোৱা বাবে লোকজনৰ যেতিয়া মৃত্যু হ’ল, সেই মৃতদেহ চুবলৈ সৎকাৰ কৰিবলৈ গাঁৱৰ ৰাইজ ওলাই নাহিল। আমি সেইখন অসমত বাস কৰো নেকি, যিখন অসমত উচ্চ–নীচৰ প্ৰভাৱ আছে? মৃতদেহত মানুহৰ জাতি থাকে নেকি? মৃত শৰীৰে কোনোবা বামুণ, কলিতা, কোঁচক চিনাক্ত কৰিব পাৰে নেকি? মৃতদেহৰ ওপৰতো এনে অবৰ্ণনীয় ভূমিকাই আমাৰ জাতিটোক এবাৰলৈ হ’লেও ভাবিবলৈ বাধ্য কৰাইছে যে আমি ক’ত থিয় হৈ আছো। আমি কোনখন অসমত বাস কৰি আছো। মই মঙলদৈৰ সেই ঘটনাটোক মই ত্ৰিৰংগা পতাকাৰ তলত থিয় হৈ গৰিহণা দিছো। কিন্তু গৰিহণা শব্দ হ’ব নোৱাৰে। সংশোধন আটাইতকৈ ডাঙৰ মন্ত্ৰ হ’ব লাগিব।’’
‘মই অসমৰ গাঁৱে-ভূঞে থকা ৰাইজক আহ্বান জনাম, আমাৰ বিশাল সনাতন সভ্যতা–সংস্কৃতিয়ে সংকটৰ মাজেৰে গতি কৰিছে কেৱল জাতিভেদ, উচ্চ–নীচৰ ব্যৱস্থাৰ বাবে। এই উচ্চ–নীচ ব্যৱস্থা যদি নাথাকিলেহেঁতেন, জাতিভেদ প্ৰথা যদি নাথাকিলেহেঁতেন, আমাৰ ভাৰত সৰ্বশক্তিমান ৰাষ্ট্ৰ হিচাপে সদায় পৃথিৱীৰ বুকুত জিলিকি থাকিব পাৰিলেহেঁতেন। অসমৰ পৰাই আমি আৰম্ভ কৰিম, উচ্চ নীচৰ ভেদাভেদ আমি আঁতৰাই দিম। প্ৰতিগৰাকী ব্যক্তিৰ বিপদৰ সময়ত তেওঁৰ কাষত থিয় হ’ম। মানৱীয় প্ৰমূল্যৰে অসমখনক জাগ্ৰত কৰি তুলিম।’– ভাষণত এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে (PM Narendra Modi) পুৱা ৭.৩০ বজাত লালকিল্লাত পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে।
Photo: Facebook
Discussion about this post