ৰাজ্যত বানৰ (Assam Flood) বিভীষিকা। প্ৰতিদিনে কৃত্ৰিম বানতে (Artificial Flood) হওক বা ভূমিস্খলনতে (Landslide) হওক প্ৰাণ হেৰুৱাইছে বহু লোকে। এইবাৰ কলিয়াবৰত (Kaliabar) প্ৰাণ হেৰুৱালে এজন লোকে। কলিয়াবৰৰ ৰাঙলুত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শুকুৰবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। দুৰ্ঘটনাটোত এজন লোকে কৰুণ মৃত্যুক সাৱটি লয়। কলিয়াবৰৰ ৰাঙলুত এখন তেলৰ টেংকাৰে (Oil Tanker Accident) নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা জিৰণি চৰাত খুন্দা মৰাৰ ফলত থিতাতে নিহত (Spot Died Tanker Driver) হয় গাড়ীখনৰ চালক মহেশ চন্দ্ৰ দাস।
গাড়ীখনৰ চালকজন বহু সময় ধৰি ভিতৰতে আৱদ্ধ হৈ থকাৰ ফলত চালকজনৰ মৃত্যু হয়। জখলাবন্ধা আৰক্ষীয়ে (Jakhalabandha Police) চালকজনক উদ্ধাৰৰ চেষ্টা চলাইছল যদিও বিফল হয়। দুৰ্ঘটনাত পতিত টেংকাৰখনৰ নম্বৰ NL 01AA 4621। জানিব পৰা মতে যোৰহাট অভিমুখী আছিল তেল টেংকাৰখন। সৌভাগ্যক্ৰমে খালী আছিল টেংকাৰখন। দুৰ্ঘটনাত পতিত টেংকাৰখন ১৪ চকীয়া আছিল। পুৱাৰে পৰা দি থকা মুষলধাৰ বৰষুণৰ ফলত নিয়ন্ত্ৰন হেৰুৱাই দুৰ্ঘটনাত পতিতৰ সন্দেহ আৰক্ষীৰ।
Photo & Input: অনুপ বৰা
আৰু পঢ়কঃ https://khatangkhobor.com/news/north-east/massive-landslide-horrific-video-guwahati-barak-nh06/9809/
Discussion about this post