অসমৰ বন্যাৰ্তলৈ বলিউডৰ তাৰকাই (Bollywood Celebrity) সাহাৰ্য প্ৰদান কৰে। বলিউডৰ অভিনেতা অৰ্জুন কাপুৰ (Arjun Kapoor) আৰু নিৰ্দেশক তথা পৰিচালক ৰোহিত চেট্টীয়ে (Rohit Shetty) অসমলৈ আগবঢ়াইছে সাহাৰ্য (Donating For Flood Relief)। দুয়োগৰাকী বলিউড তাৰকাই অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ (CM Relief Fund) আগবঢ়াইছে ধন।
দুয়োগৰাকী তাৰকাই বান পৰিস্থিতিৰ সৈতে (Assam Flood) মোকাবিলা কৰিবলৈ তথা বান সাহাৰ্যৰ বাবে ৫ লাখকৈ টকা আগবঢ়াইছে (Donating Rs 5 Lakhs)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োজনকে ধন্যবাদ জ্ঞাপন কৰে এই সাহাৰ্যৰ বাবে।
Bollywood actor Shri Arjun Kapoor and director Shri Rohit Shetty stood by the flood-affected people of Assam with their contribution of ₹5 lakh to CM Relief Fund.
I thank them for their concern and act of generosity.@arjunk26 @iamrohitshetty
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 16, 2022
উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ। বহু ঠাইত মাথাউৰি ভাঙি যোৱাৰ ফলত বানত বুৰ গৈছে ৰাজ্যৰ বহু গাঁও। বানৰ ফলত ১৮খন জিলা প্ৰভাৱিত হৈছে, ইয়াৰে ভিতৰত গুৱাহাটী মহানগৰীও (Guwahati City) অন্তৰ্ভুক্ত।
এইবাৰৰ কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত ৪২ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ। ইয়াৰে ভিতৰত মহানগৰীৰ নিজৰাপাৰত মঙলবাৰে পাহাৰ ভাঙি মাটিত পোত গৈ ৪জন শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লৈছিল। লগতে গোৱালপাৰাত ২টি কণমানি ভাতৃ-ভগ্নীয়ে হেৰুৱালে প্ৰাণ।
প্ৰৱল বৃষ্টিপাতৰ বাবে চহৰৰ কেইবাটাও অংশত ৰাজপথত পানী ভৰি যায়, ইয়াৰে আটাইতকৈ বেছি প্ৰভাৱিত হৈছে অনিল নগৰ, নৱীন নগৰ, ৰাজগড় লিংক ৰোড, ৰুক্মিনীগাঁও, হাতীগাঁও আৰু কৃষ্ণ নগৰ। এনে অস্বাভিক বান পৰিস্থিতিত প্ৰশাসনে জনসাধাৰণক সহায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বহু পৰিয়ালত এতিয়াও বানৰ কৰাল গ্ৰাসত পৰি বিবুদ্ধিত পৰিছে।
Photo: Google
Discussion about this post