ৰাসৰ (Raas Mahotsav) আনন্দৰ মাজতেই নিশা নলবাৰীত (Nalbari) দুটাকৈ ভয়ংকৰ ঘটনা (Horrific Road Accident) সংঘটিত হয়। বৃহস্পতিবাৰে পুৱতি নিশা হাওলিৰ পৰা ৰাস চাই অহা এখন আৰতিগা বাহন ভয়ংকৰ দুৰ্ঘটনাত (Ertiga Car Road Accident) পতিত হয়।
বানেকুছি আৰু ঘগ্ৰাপাৰত সংঘটিত হয় এই দুৰ্ঘটনা দুটা। জানিব পৰা অনুসৰি হাউলীৰ পৰা ৰাস চাই উভতি অহাৰ পথতে বানেকুছিত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ৰেলিঙত (Ertiga Car Colided With Bridge Railing) খুন্দা মাৰিছিল বাহনখনে।
Watch Video-
ঘগ্ৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱতী (One Women Died)। – Video
দুৰ্ঘটনাটোৰ ফলত দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজনৰ চিকিৎসালয়ত মৃত্যু হয়। দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ AS 01 BG 5995। বাহনখনত ৮ জন লোক আছিল বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা এজন লোক সৌভাগ্যক্ৰমে ৰক্ষা পৰে। চালক জনৰ টোপনি অহাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই বাহনখনৰ চালকসহ ৪ জনকৈ যুৱকে (4 Man Died)। দুৰ্ঘটনাটোত নিহত যুৱককেইজনৰ নাম ক্ৰমে জাহেদুল ৰহমান, অজিত চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ। আনহাতে আহত অভিজিত, সীমান্ত, শংকৰ আৰু জাহিদুৰ ৰহমান। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল চূৰ্ণ-বিচূৰ্ণ হৈ যায় বাহনখন। বাহনখন কাটি উলিওৱা হয় মৃতদেহ।
আনহাতে ঘগ্ৰাপাৰতো আন এক পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱতী (One Women Died)। দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ নাম পৰিস্মিতা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত আহত সুস্মিতা আৰু ভাস্কৰ কলিতা নামৰ দুগৰাকী লোক।
আনহাতে দুয়োটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনকো ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
Photo & Input: Khatang Khobor
Discussion about this post