বিলাসীপাৰাৰ (Bilasipara) সাপটগ্ৰামত (Sapatgram) ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। নয়াহাট সাপটগ্ৰাম সংযোগী পথৰ হাতীধূৰা নামৰ ঠাইত এই দুৰ্ঘটনা। AS15- AC – 1734 নম্বৰৰ অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰ এখনে AS 16 C – 6340 নম্বৰৰ ৰাস্তাৰ কাষত ৰৈ থকা যাত্ৰীবাহী অটো এখনক পাছফালে খুন্দা মাৰে।
খুন্দা মৰাৰ পিছতে থিতাতে দুজন যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে আহত অৱস্থাত এজন যাত্ৰীক চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে মৃত্যুক সাৱটে (3 Person Died)। মৃত যাত্ৰী দুজন ক্ৰমে নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত তুষপাৰা গাঁৱৰ ৩০ বছৰীয়া ছায়েদ আলী আৰু আনজন পাটিমাৰী গাঁৱৰ ৩২ বছৰীয়া কপিল আলী।
শনিবাৰে পুৱা সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত ৰাইজে অভিযোগ কৰে যে, দিনক দিনে এই অবৈধ শিল-বালি কঢ়িওৱা ট্টাক-ডাম্পাৰ সমূহক বনবিভাগে নাকি লগোৱাত ব্যৰ্থ হোৱাত এই সমূহ ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম বাঢ়ি গৈ আছে যাৰ ফলত সময়ে সময়ে এনেকুৱা দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে ।
Photo & Input: আতোৱাৰ ৰহমান
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/politics/gmc-election-result-day-in-guwahati/8439/
Discussion about this post