এক শোকাৱহ পথ দুৰ্ঘটনাত (Tragic Road Accident) মৃত্যু এজন যুৱকৰ (One Youth Died)। মঙলদৈৰ (Mangaldoi) ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। পুৱা ৬.৩০ মান বজাত সংঘটিত এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় অতুল নাথ (Atul Nath) নামৰ এজন ৩২ বছৰীয়া যুৱকৰ।
ট্ৰাকখন তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত মঙলদৈ (Mangaldoi) চহৰৰ Girl’s Pointত মহটিয়াই লৈ যায় বাইক আৰোহীজনক। অতুল চন্দ্ৰ নাথ মঙলদৈ SRD Groupৰ ৰিপোজত কৰ্মৰত আছিল। এখন বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে মৃত্যু ঘটে যুৱকজনৰ।
মৃত অতুল নাথৰ (Atul Nath) ঘৰ টিয়াঝাৰত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 01 AC 7374 আৰু বাইকৰ নম্বৰ AS 13 J 8914। ইতিমধ্যে ট্ৰাকখন মঙলদৈ আৰক্ষীয়ে জব্দ কৰিছে। জানিব পৰা মতে, অতুল নাথ নামৰ যুৱকজন মঙলদৈ এচ.আৰ.ডিৰ পুৰণি ৰিপোজৰ কৰ্মচাৰী।
দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ এনে অকাল মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Photo & Input: Bhabesh Kalita
Discussion about this post