নগাঁৱৰ (Nagaon) ধিংগেট কাৱৈমাৰীত (Kawaimari) এক ভয়ংকৰ ঘটনা সংঘটিত হয়। নিশা এখন চলন্ত ১০৮ মৃত্যুঞ্জয় বাহনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Horrific Fire Incident) সংঘটিত হয়। মৃত্যুঞ্জয় বাহনখন জুৰীয়াৰ (Juria) দগাঁৱৰ পৰা নৱজাতক শিশু আৰু মাতৃক লৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ (Nagaon Bhogeswari Phukanani Civil Hospital) গৈ আছিল।
গাড়ীখনত থকা নৱজাতক শিশুটিৰ উশাহ ল’বলৈ সমস্যা হোৱাত অক্সিজেন চিলিণ্ডাৰ লগাবলৈ ওলাইছিল আৰু তেতিয়াই এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই কথা জানিবলৈ দিয়ে এম্বুলেঞ্চখনৰ চালকে। কিছুসময়ৰ ভিতৰতে জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এম্বুলেঞ্চ বাহনখন (Moving Ambulance Catches Fire In Nagaon)।
কথমপি প্ৰাণ ৰক্ষা পৰে এম্বুলেঞ্চখনত থকা নৱজাৱক শিশু মাতৃৰ লগতে চালক আৰু এগৰাকী স্বাস্থ্যকৰ্মীও। ঘটনাটো সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। সম্প্ৰতি নবজাতক শিশু আৰু মাতৃক সমীপৰে মেট্ৰ’ হাস্পতালত ৰখা হৈছে।
Photo & Input: ৱাহিদুদ জামান
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-elephant-apple-health-benefits/11001/
Discussion about this post