শিক্ষক–শিক্ষাৰ্থীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন শিক্ষকে। ছাত্ৰীক চুমা (Kiss) খাবলৈ গৈ হাতে-লোটে ধৰা পৰিল এজন শিক্ষক। এই কুকাণ্ড সংঘটিত কৰিবলৈ গৈ ধৰা পৰাৰ পিছত এই অৱস্থা হ’ল মৌলবী ছাৰৰ।
ঘটনাটো লখিমপুৰৰ (Lakhimpur) লালুকৰ (Laluk)। ইছলামপুৰ ব্লক ছিনিয়ৰ মাদ্ৰাছাৰ আৰবী শিক্ষক ইছমাইল হুছেইনে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ঘৰত পঢ়ুওৱাৰ চলেৰে অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা চলায়। কিন্তু পৰিয়ালৰ লোকে হাতে-লোটে ধৰা পেলালে শিক্ষকজনক।
ঘটনাৰ কথা জানিব পাৰি ক্ষোভিত হৈ পৰে স্থানীয় লোকসকল। ৰাইজে লগে লগে খবৰ দিয়ে আৰক্ষীক। একাংশ স্থানীয় লোকে উত্তম-মধ্যম শোধাই অভিযুক্ত শিক্ষকজনক গতাই দিয়ে লালুক আৰক্ষীক। অভিযোগ অনুসৰি, পূৰ্বেও ইছমাইল হুছেইনে ফোনযোগে ছাত্ৰীগৰাকীক অশ্লীল ইংগিত দি আহিছিল।
ইফালে কলংকিত শিক্ষকক নিলম্বন কৰাৰ দাবীত উত্তাল প্ৰতিবাদ। লম্পট শিক্ষক ইছমাইল হুছেইনক শিক্ষা বিভাগে অতি সোনকালে বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।
Photo & Input: পুৰন্দৰ গগৈ আৰু ইছৰাকুল ইছলাম
Discussion about this post