সৰভোগ সমষ্টিৰ ৯৫নং বগৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি ফাৰুক আব্দুলাক গ্ৰেপ্তাৰ। গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে গাঁও পঞ্চায়তৰ আঁচনি ৰূপায়ণৰ নামত সংঘটিত কেলেংকাৰীৰ অভিযোগত পঞ্চায়ত সভাপতিক গ্ৰেপ্তাৰ সৰভোগ আৰক্ষীৰ।
২০২০-২১ বৰ্ষত ক’ৰোনা প্ৰতিৰোধৰ বাবে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণৰ নামত কেইবালাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছিল সভাপতি ফাৰুকৰ বিৰুদ্ধে। ইফালে গাঁও পঞ্চায়তখনৰ অন্তৰ্গত গেন্দা আকণ্ড হাই মাদ্ৰাছাৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামতো ধন আত্মসাৎ কৰাৰো অভিযোগ স্থানীয় ৰাইজৰ।
তদুপৰি পঞ্চায়তখনৰ অন্তৰ্গত শান্তি বজাৰৰ সমীপৰ হাকোৱা নৈৰ ওপৰত থকা এখন কাঠৰ দলঙৰ মেৰামতিৰ নামতো সভাপতিগৰাকীয়ে ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।
ইতিমধ্যে দুর্নীতিগ্রস্ত সভাপতি ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে সৰভোগ আৰক্ষী চকীত এজাহাৰ দাখিলৰ পিছতে আৰক্ষীয়ে পঞ্চায়ত সভাপতিজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে পঞ্চায়ত সভাপতিজনক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই। আদালতে আৰক্ষীৰ আবেদনৰ ভিত্তিত সভাপতিজনক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।
কংগ্ৰেছ দলৰ গাঁও পঞ্চায়ত সভাপতিগৰাকীয়ে চৰকাৰী আঁচনিৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক লৈ সৰভোগ সমষ্টিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
দুৰ্নীতিগ্ৰস্ত সভাপতিগৰাকীক গ্ৰেপ্তাৰৰ পিছতে স্থানীয় ৰাইজে অসমৰ চৰকাৰৰ লগতে অসম আৰক্ষী আৰু সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰে।
Photo: জাহিৰুল ইছলাম
Discussion about this post