সম্প্ৰতি প্ৰকাশ পোৱা ২০১৯–২০২১বৰ্ষৰ National Health and Family Survey-5ত সুৰাপান সম্বন্ধীয় কেতবোৰ তথ্য পোহৰলৈ আহিছে। তথ্য অনুসৰি, ১৫ৰ পৰা ৪৯বছৰৰ ভিতৰত কেৱল ১ শতাংশ নাৰীয়ে সুৰাপান (Consuming alcohol) কৰাৰ বিপৰীতে ২২ শতাংশ পুৰুষে সুৰাপান কৰে।
আনহাতে অৰুণাচলত প্ৰদেশত (Arunachal Prdesh) দেশৰ ভিতৰতে সৰ্বাধিক মহিলাই সুৰা সেৱন কৰে। ৰাজ্যখনত ১৮ শতাংশ মহিলাই সুৰাপান কৰে। আনহাতে ১৪.৮ শতাংশৰে নাৰীই সুৰাপান কৰাৰ শাখাত দ্বিতীয় স্থানত আছে ছিকিম (Sikkim) আৰু ৫.৫ শতাংশৰে তৃতীয় স্থান দখল কৰিছে অসমে (Assam)।
আনহাতে, পুৰুষৰ শিতানত ৫৭ শতাংশ সুৰাপায়ীৰে দেশৰে ভিতৰত দ্বিতীয় স্থান দখল কৰিছে অৰুণাচল প্ৰদেশে। ৫৯ শতাংশৰে প্ৰথম স্থানত গোৱা। অৱশ্যে পুৰুষৰ শিতানত প্ৰথম ৫খন ৰাজ্যৰ ভিতৰত নাই অসম। সৰ্বভাৰতীয় পৰ্যায়ত ১৭ শতাংশ নাৰীয়ে প্ৰতিদিনে সুৰাপান কৰে আৰু ৩৭ শতাংশই সপ্তাহত এবাৰ সুৰাপান কৰে। ইয়াৰ বিপৰীতে ১৫ শতাংশ পুৰুষে প্ৰতিদিনে সুৰাপান কৰে আৰু ৪৩ শতাংশই সপ্তাহত এবাৰ খায়।
অৱশ্যে ২০১৫-১৬ বৰ্ষতকৈ ২০১৯-২১বৰ্ষত পুৰুষৰ বেলিকা মদ খোৱাৰ পৰিসংখ্যা ২৯ শতাংশৰ পৰা ২২শতাংশলৈ হ্ৰাস পাইছে। কিন্তু বিশেষজ্ঞৰ মতে লকডাউনৰ সময়ত মদৰ দোকান বন্ধ থকাৰ কাৰণেহে হ্ৰাস পাইছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/rishikesh-badrinath-highway-car-accident-5-people-died/8867/
Discussion about this post