বিশ্বনাথ আৰক্ষীৰ (Biswanath Police) এনকাউণ্টাৰৰ (Encounter) ভয়ত নিজে নিজে ড্ৰাগছ আসক্ত ভৰ্তি হৈছে নিচা মুক্তি কেন্দ্ৰত (Rehabilitation Center) । নিচা মুক্তি কেন্দ্ৰৰ যুৱকৰ অকপট স্বীকাৰোক্তি আৰক্ষীৰ এনকাউণ্টাৰ (Encounter) হোৱাতকৈ নিচা মুক্তি কেন্দ্ৰত নিজকে সংশোধন কৰা ভাল।
বিশ্বনাথত ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত যেন বিশ্বনাথ জিলা আৰক্ষীয়ে (Biswanath District Police) ক্ৰমান্বয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষীয়ে জিলাখনত ধাৰাবাহিকভাৱে নিষিদ্ধ ড্ৰাগছ পেডেলাৰ অথবা ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
জিলাখনৰ অন্তৰ্গত বিভিন্ন স্থানত গোপনে গঢ় লৈ উঠা অবৈধ ড্ৰাগছ,গাঞ্জা,মদ,জোৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে বিশ্বনাথ জিলা আৰক্ষীয়ে অনৈতিক কাৰ্যকলাপ তথা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই তিনিজনকৈ লোকক এনকাউণ্টাৰ পৰ্যন্ত কৰিছে।
কিন্তু তাৰ মাজতে বিশ্বনাথত এক ড্ৰাগছ মুক্তি কেন্দ্ৰই (Rehabilitation Center) জিলাখনৰ ড্ৰাগছ আসক্ত যুৱকৰ (Drugs Addict) বাবে সু-খবৰ কঢ়িয়াই আনিছে। বিশ্বনাথ জিলা আৰক্ষীৰ সহযোগিতাত আজি এসপ্তাহ মান আগত গঢ় লৈ উঠা AWAKENING FOUNDATION নামৰ নিচা মুক্তি কেন্দ্ৰত এতিয়া ড্ৰাগছ আসক্ত যুৱকৰ সোঁত বৈছে।
নিজে নিজে এতিয়া বিশ্বনাথৰ ড্ৰাগছ আসক্ত যুৱকে এই নিচা মুক্তি কেন্দ্ৰটোলে ঢাপলি মেলিবলৈ লৈছে। বিশ্বনাথ জিলা আৰক্ষীও বহু ড্ৰাগছ আসক্ত যুৱকক ধৰি নিজকে সংশোধন কৰিবলৈ এই নিচা মুক্তি কেন্দ্ৰটোলে গতাই দিছে।
তাৎপয্যপূৰ্ণ বিষয় যে বিশ্বনাথ জিলা আৰক্ষীৰ ভয়ত এতিয়া জিলাখনৰ বহু ড্ৰাগছ আসক্ত যুৱক নিজে নিজে নিচা মুক্তি কেন্দ্ৰলৈ আহি নিজকে সংশোধন কৰাৰ চেষ্টা চলাইছে। বহু ড্ৰাগছ আসক্ত পিতৃ-মাতৃয়েও এতিয়া নিজ সন্তানক বিশ্বনাথ আৰক্ষীৰ পৰা বচাবলৈ নিচা মুক্তি কেন্দ্ৰলৈ (Rehabilitation Center) লৈ আহিছে।
নিচা মুক্তি কেন্দ্ৰয়ো এই নিচা আসক্ত যুৱকবোৰক বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি কেনেকৈ নিচাৰ পৰা আঁতৰ হ’ব পাৰি। তাৰ ওপৰত প্ৰশিক্ষণ দিছে। এইফালে এই নিচা মুক্তি কেন্দ্ৰত নতুনকৈ নিজকে সংশোধণন কৰিবলৈ অহা যুৱকে আহ্বান জনাইছে আৰক্ষীৰ এনকাউণ্টাৰত গুলী খোৱাতকৈ অথবা জেললৈ যোৱাতকৈ নিচা মুক্তি কেন্দ্ৰত আহি নিজকে সংশোধন কৰক।
Photo & Input: পলাশ প্ৰিয়ম
Discussion about this post