তথাকথিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ (Satyaranjan Baruah) বিৰুদ্ধে গোলাঘাট (Golaghat Police) সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে আমছুৱে। ছচিয়েল মিডিয়াত সত্যৰঞ্জন বৰাই সামাজিক মাধ্যমত হজৰত মহম্মদক ডকাইত আখ্যা দিয়াৰ লগতে ইছলাম ধৰ্মীয় লোকসকলৰ বিৰুদ্ধে কটু মন্তব্য প্ৰকাশ কৰিছিল। তাৰ পিছতে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গোলাঘাট আমছু (AAMSU)।
গোলাঘাট জিলা আমছুৱে অসমৰ সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা তথা ভাতৃ ঘাটি সংঘৰ্ষক উচটনি দিয়া সত্যৰঞ্জণ বৰাৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে। ২৪ ঘণ্টাৰ ভিতৰত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ বাবে অসম আৰক্ষীক দাবী জনাইছে।
পৰৱৰ্তী সময়ত সত্যৰঞ্জন বৰাই উক্ত মন্তব্য সামাজিক মাধ্যমৰ পৰা ডিলিট কৰিছিল যদিও ইতিমধ্যে বহু লোকে উক্ত পোষ্টটোৰ স্ক্ৰীণ শ্বট ৰাখি থয়।
ইফালে হজৰত মহম্মদক লৈ বিৰূপ মন্তব্য কৰা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ আন্তঃৰাষ্ট্ৰীয় ইছলামিক বক্তা মৌলানা ছাইফউদ্দীন আহমেদ বুলবুলি।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post