আলফা (স্বাধীন) (Ulfa-I)ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ পৰা আটক (Detain) কৰিছে অসম ৰাইফলছৰ জোৱানে ।
২৭নং আছাম ৰাইফলছৰ (Assam Rifles) জোৱান সকলে এক সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নাগালেণ্ডৰ (Nagaland) মন জিলাত এটা ঘৰত কেইজনমান যুৱকৰ উপস্থিতিৰ সম্ভেদ লাভ কৰাত অভিযান (Operation) চলাইছিল।
এই অভিযানত আটক (Detain) হোৱা যুৱক তিনিজন (Three Youth) ক্ৰমে ওদালগুৰি জিলাৰ জলহা অঞ্চলৰ মহেন্দ্ৰ ডেকাৰ পুত্ৰ বিকাশ ডেকা (Bikash Deka), যোৰহাট জিলাৰ এজাৰগুৰি অঞ্চলৰ সুনীল বৰাৰ পুত্ৰ অৰিন্দম বৰা (Arindam Bora)আৰু আনজন তিনিচুকীয়া জিলাৰ শদিয়া অঞ্চলৰ যোগেশ চন্দ্ৰ নেওগৰ পুত্ৰ হিমন্ত নেওগ (Himanta Neog) বুলি সেনাৰ সূত্ৰত প্ৰকাশ।
ধৃত যুৱক তিনিজনক আছাম ৰাইফলছৰ (Assam Rifles) শিবিৰত সোধা-পোছা কৰা হৈছে। সম্ভৱতঃ সোমবাৰে তিনিওকে আছাম ৰাইফলছে অসম আৰক্ষীৰ (Assam Police) হাতত চমজাই দিব ।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/targic-road-accident-at-golaghat-2-spot-death/4571/
Discussion about this post