নিৰ্ধাৰিত সময়সূচী অনুসৰি ৰাজ্যিক বিজেপি কাৰ্যালয়ত সম্পন্ন হ’ল বিশাল যোগদান কাৰ্য্যসূচী ৷ যোগদান কৰিলে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পাল, আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ, কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত, আছুৰ নেতা প্ৰকাশ দাসকে ধৰি বহুজনে৷ পিছে, ৰাজ্যিক বিজেপি কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে প্ৰথম ভাষণ আৰম্ভ কৰিয়ে থমকি ৰ’ল ৷ জিভা পিচল খালে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ ৷ বিস্মিতা গগৈয়ে ভাষণ আৰম্ভ কৰিয়ে ক’লে, “ভাৰতীয় জাতীয়…“৷ তাৰপিছতে ৰৈ গ’ল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ লগে লগে ক’লে পুৰণি অভ্যাস ৷
তাৰপিছত পুনৰ আৰম্ভ কৰিলে, “ৰাজ্যিক বিজেপিৰ…” ৷ ভাষণ আৰম্ভ কৰিয়ে কংগ্ৰেছৰ বিৰুদ্ধে তীক্ষ্ণ সমালোচনাত্মক হৈ উঠিল বিস্মিতা ৷ বিস্মিতাই ক’লে, “কংগ্ৰেছ কৰ্মীৰ মানসিকতাত বিতুষ্ট হৈ পৰিছিলো ৷ দলটোয়ে মানসিক নিৰ্যাতন চলাইছিল মোক ৷ যাৰ বাবে কংগ্ৰেছ এৰি আজি বিজেপিত সুৰক্ষা বিচাৰি আহিছো ৷ আৰু ১০০ বছৰলৈ অসম তথা দেশত নাহে কংগ্ৰেছ ৷ সনাতনী ধৰ্মৰ লোকক আঘাত সানিছে ৰাহুল গান্ধীয়ে ৷ ২২ জানুৱাৰীত ৰাহুলে অনুষ্ঠান বাতিল কৰিব লাগিছিল ৷ কিন্তু নকৰিলে৷” কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল বিস্মিতা গগৈ, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সামগ্ৰিক মানচিত্ৰ সলনি কৰিছে ৷ পূৰ্বে এনে মুখ্যমন্ত্ৰী কোনো দিনে দেখা নাছিলো।”
ভাষণ প্ৰসংগত কৰা এই মন্তব্যৰ সমান্তৰালকৈ সংবাদ মাধ্যমৰ সন্মুখত কয়, “ন্যায় যাত্ৰাৰ সময়ত মই পিন্ধা ব্লাউজক লৈ নিকৃষ্ট চৰ্চা চলিছিল ৰাজীৱ ভৱনত ৷ মই পিন্ধা ব্লাউজত থকা পদুম ফুলক লৈ চৰ্চা কৰিছিল কেইবাগৰাকীও কংগ্ৰেছ নেতাই ৷ একপ্ৰকাৰ এনে কথাই মোক মানসিক হাৰাশাস্তি দিছিল ৷” এনে কথাৰে সৰৱ হৈ পৰিল সদ্য কংগ্ৰেছ ত্যাগী বিস্মিতা গগৈ ৷ এতিয়া লক্ষণীয় হ’ব বিজেপিত যোগ দিয়া এইসকল ন কংগ্ৰেছীৰ নেতৃত্বই কিদৰে বিজেপিক সেৱা আগবঢ়াই ৷
Discussion about this post